• অৰ্থ সংকটত শ্বেহেনশ্বাহ! ঘৰভাড়াই শেষ ভৰষা বচ্চন পৰিয়ালৰ…

    মনোৰঞ্জন
    অৰ্থ সংকটত শ্বেহেনশ্বাহ! ঘৰভাড়াই শেষ ভৰষা বচ্চন পৰিয়ালৰ…

    নতুন দিল্লীঃ শ্বেহেনশ্বাহ বিপদত! দিন ভালে যোৱা নাই বলীউড শ্বেহেনশ্বাহৰ! চৰম আৰ্থিক সংকটত ভুগিছে শ্বেহেনশ্বাহ ৰ পৰিয়াল! কেইদিনমান পূৰ্বে অভিষেক বচ্চনে নিজৰ ফ্লেটটো বিক্ৰী কৰাৰ খবৰ বিয়পি পৰিছিল। মায়ানগৰী মুম্বাইৰ অবেৰয় ভৱনৰ বিলাসী ফ্লেটটো ৪৫.৭৫ কোটি টকাত বিক্ৰী কৰিছিল অমিতাভ তনয় অভিষেকে।পুত্ৰৰ পাছত এইবাৰ পিতৃৰো অনুৰূপ কাৰ্য। এইবাৰ অমিতাভ বচ্চনে নিজৰ ঘৰটো ভাড়ালৈ দিছে। খবৰ অনুসৰি, জলছাৰ ওচৰত বচ্চন পৰিয়ালৰ আছো দুটা ঘৰ । ইয়াৰ পূৰ্বে এই দুটা ঘৰো চিটী বেংকক ভাড়ালৈ দিছিল অমিতাভ বচ্চনে।





    চৰ্ত অনুসৰি, ২০১৯ চনৰ জুন মাহত দুয়োটা ঘৰ খালী কৰি দিছিল কোম্পানীটোৱে। এইবাৰ ভাৰতীয় ষ্টেট বেংকক ঘৰ দুটা ভাড়ালৈ দিছে শ্বেহেনশ্বাহ এ । ৰিয়েল ইষ্টেটৰ এগৰাকী বিশ্লেষকৰ মতে, বিগ বি-এ তেওঁৰ ৩.১৫০ বৰ্গ ফুটৰ দুটা ঘৰ ১৫ বছৰৰ বাবে ভাড়ালৈ দিছে। চুক্তি অনুসৰি, প্ৰতি পাঁচ বছৰৰ মূৰত ২৫ শতাংশ হাৰত বৃদ্ধি পাব ঘৰভাড়া । আনহাতে, প্ৰতি মাহে পৰিশোধ কৰিবলগীয়া ভাড়াৰ পৰিমাণ হৈছে ১৮.৯ লাখ টকা। উল্লেখ্য যে, জন্মদিনৰ পিছদিনাই এটা ঘৰ ভাড়া দিয়াৰ খবৰে অনুৰাগীমহলৰ মাজত চৰ্চা লাভ কৰিছিল। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, পুনৰ আৰ্থিক সংকটত ভুগিছে নেকি শ্বেহেনশ্বাহ ৰ পৰিয়াল? কিহৰ বাবে বাৰে বাৰে ঘৰ ভাড়ালৈ দিছে বলীউড ছুপাৰষ্টাৰজনে? অৱশ্যে এই বিষয়ে বচ্চন পৰিয়ালৰ পৰা বৰ্তমানলৈকে কোনো সঁহাৰি লাভ কৰা নাই।