• আঁতৰি গ’ল ‘ৰাৱণ’; সাংস্কৃতিক জগতত শোকৰ ছাঁ

    মনোৰঞ্জন
    আঁতৰি গ’ল ‘ৰাৱণ’; সাংস্কৃতিক জগতত শোকৰ ছাঁ

    ডিজিটেল ডেস্কঃ ৰাৱণৰ দেহাৱসান। সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাই আঁতৰি গ’ল ৰাৱণ। জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ‘ৰাৱণ’ৰ চৰিত্ৰত অভিনয়েৰে অনেকজনৰ অন্তৰ জিনা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান৷ দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি আছিল অভিনেতাগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ৷ যোৱা নিশা হাৰ্ট এটেকৰ ফলত মৃত্যুক সাবটি লয় অৰবিন্দ ত্ৰিবেদীয়ে৷ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল অভিনেতাজন৷ প্ৰবীণ অভিনেতাজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে টেলিভিছন জগতৰ লগতে তেওঁৰ গুণমুগ্ধসকল৷









    তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে কয়, ‘‘আধ্যাত্মিকভাৱে তেওঁ ৰামৰ দৰে লোক৷ সাংসাৰিক জীৱনত এজন অতি ভাল, ধৰ্মীয়, সৰল প্ৰকৃতিৰ মানুহ আৰু মোৰ মৰমৰ বন্ধু অৰবিন্দ ত্ৰিবেদীক আজি মানৱ সমাজে হেৰুৱালে।নিঃসন্দেহে তেওঁ আজি পৰমধামলৈ যাব আৰু ভগৱান শ্ৰীৰামৰ সান্নিধ্য লাভ কৰিব৷’’









    উল্লেখ্য যে অৰবিন্দ ত্ৰিৱেদীৰ জন্ম হৈছিল মধ্য প্ৰদেশৰ উজ্জয়িনীত৷ গুজৰাটৰ ৰঙ্গমঞ্চত অৰবিন্দ ত্ৰিৱেদীয়ে কেৰিয়াৰৰ পাতনি মেলে৷ তেওঁ প্ৰায় ৩০০ খন হিন্দী আৰু গুজৰাটী চিনেমাত অভিনয় কৰিছে৷ ৰাৱণৰ চৰিত্ৰত জীৱন্ত অভিনয় কৰি দেশজুৰি প্ৰসিদ্ধি লাভ কৰিছিল অৰবিন্দ ত্ৰিৱেদীয়ে৷