• আহি আছে ‘বেবী দীপিকা’; ৰণবীৰৰ ঘোষণাই উত্ৰাৱল কৰিছে অনুৰাগীক

    মনোৰঞ্জন
    আহি আছে ‘বেবী দীপিকা’; ৰণবীৰৰ ঘোষণাই উত্ৰাৱল কৰিছে অনুৰাগীক

    ডিজিটেল ডেস্ক : পত্নীপ্ৰেমত মচগুল ৰণবীৰ সিং। তাৰকা পত্নী দীপিকা পাদুকনৰ প্ৰেমে তেওঁক ইমানেই মচগুল কৰিছে যে এইবাৰ তেওঁ সন্তানো বিচাৰিছে সাইলাখ দীপিকাৰ দৰে। হয়, ৰণবীৰৰ মুখত ওলাইছে সন্তানৰ কথা। টেলিভিচনৰ পৰ্দাত ছুপাৰষ্টাৰগৰাকীয়ে অকপটে কৈছে সন্তানৰ প্ৰতি তেওঁৰ হাবিয়াসৰ কথা। কেনে সন্তান লাগিব সেয়াও কৈ দিছে ৰণবীৰে। ৰণবীৰে পত্নী ডিম্পল কুইন দীপিকাৰ দৰে এজনী কন্যা সন্তান বিচাৰিছে৷





    কালাৰ্চ টিভিৰ 'দা বিগ পিকচাৰ' নামৰ এটা কুইজ অনুষ্ঠানটোৰ মজিয়াৰপৰা এই ঘোষণা কৰিলে ৰণবীৰে৷ ৰণবীৰ এই বাৰ্তাৰ পাছতে এতিয়া বলীউডৰ এই তাৰকা দম্পতীৰ নতুন অতিথি সম্পৰ্কত অনুৰাগীৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ৷
    এগৰাকী প্ৰতিযোগীৰ সৈতে কৰা ধেমালিৰ মাজতে ৰণবীৰে কয়, ‘আপোনালোকেতো জানেই যে মই বিয়া পাতিলো আৰু এতিয়া ২, ৩বছৰৰ ভিতৰত সন্তানো জন্ম হ'ব৷ বন্ধু আপোনাৰ বৌৱেৰা (দীপিকা পাডুকন) ইমান মৰমলগা কেঁচুৱা আছিল যে মই সদায় তেওঁৰ শৈশৱৰ ফটো চাওঁ আৰু তেওঁক কওঁ সাইলাখ তেওঁৰ দৰে এটি কেঁচুৱা মোক দিলেই মোৰ জীৱন ধন্য হৈ যাব৷’






    উল্লেখ্য যে, ৰণবীৰ দীপিকাই ২০১৮ চনৰ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল৷ তাৰকা দম্পতীটোৱে 'ৰাম-লীলা', 'বাজৰাও মাস্তানী', পদ্মাৱত' আদিৰ দৰে ছুপাৰহিট ছবিত একেলগে কাম কৰিছিল৷