comScore
  • এইবাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ইউটিউবত আপলোড কৰাৰ আহ্বান বাবা ৰামদেৱৰ

    মনোৰঞ্জন
    এইবাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ইউটিউবত আপলোড কৰাৰ আহ্বান বাবা ৰামদেৱৰ
    ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পাছত দ্য কাশ্মীৰফাইলছ ছবিখন ইউটিউবত আপলোড কৰিবলৈ অনুৰোধ কৰিছে যোগ গুৰু বাবা ৰামদেৱে। যোগ গুৰুজনে ছবিখনৰ নিৰ্মাতাসকলক ছবিখন ইউটিউব আৰু ফেচবুকত আপলোড কৰিবলৈ অনুৰোধ জনাইছে। তেওঁৰ মতে, চিনেমাখন যিমান মানুহৰ ওচৰত যাব সিমানে মানুহে জানিব পাৰিব যে ১৯৯০ চনত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে ঘটা প্ৰকৃত দুখ-দুৰ্দশাৰ বিষয়ে।

    শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ সময়ত, যোগ গুৰু বাবা ৰামদেৱক দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনৰ বিষয়ে সোধা হৈছিল। তেওঁ উত্তৰ দিছিল, "ছবিখনে ইতিমধ্যে যথেষ্ট ধন উপাৰ্জন কৰিছে। এতিয়া ছবিখনৰ প্ৰযোজকে চিনেমাখন ইউটিউব ফেচবুকৰ দৰে সামাজিক প্লেটফৰ্মত আপলোড কৰা উচিত যাতে অধিক লোকে ছবিখন চাব পাৰে।

    যোগ গুৰু বাবা ৰামদেৱক লগতে সোধা হৈছিল যে তেওঁ চিনেমাখন চাইছে নে? তেওঁ উত্তৰ দিছিল, "সময়ৰ অভাৱৰ বাবে, ব্যস্ত সময়সূচীৰ বাবে ছবিখন এতিয়ালৈকে যদিও চোৱা হোৱা নাই। কিন্তু, তেওঁ ইতিমধ্যে অৱগত যে ছবিখনত কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশা, দুখ-কষ্ট বিষয়ে বুজোৱা হৈছে। ''

    শেহতীয়াকৈ, অৰবিন্দ কেজৰিৱালেও দিল্লী বিধানসভাৰ বাজেট অধিৱেশনৰ ভাষণৰ মাজতে কেজৰিৱালে কয় যে, "বিজেপিয়ে পৰিচালক বিবেক অগ্নিহোত্ৰীক দ্য কাশ্মীৰ ফাইলছ ছবিখন ইউটিউবত আপলোড কৰিবলৈ অনুৰোধ কৰা উচিত। সকলোৱে বিনামূলীয়াকৈ চিনেমাখন চাবলৈ সুযোগ পাব লাগে।

    তাৰোপৰি যশৱন্ত সিনহাক 'দ্য কাশ্মীৰী ফাইলছ' সম্পৰ্কে বিতৰ্কিত টুইট কৰা দেখা গৈছে যিয়ে সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰিছে। "যিসকলে এতিয়ালৈকে কাশ্মীৰ ফাইল চোৱা নাই তেওঁলোকে দুবছৰৰ বাবে কাৰাগাৰলৈ যাব লাগে, আৰু যিসকলে এই ছবিখনক সমালোচনা কৰে তেওঁলোকৰ বাবে আজীৱন কাৰাদণ্ড বিহিব লাগে। এনেদৰে দেশৰ ৰাজনীতিবিদসকলক দ্য কাশ্মীৰী ফাইলছ ছবিখনক লৈ অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া।