• এসময়ত চিনেমাত কাম বিচাৰিও পোৱা নাছিলো; জীয়ৰী-নাতিনীৰ সন্মুখত হিয়াভগা কান্দোন অমিতাভৰ...

    মনোৰঞ্জন
    এসময়ত চিনেমাত কাম বিচাৰিও পোৱা নাছিলো; জীয়ৰী-নাতিনীৰ সন্মুখত হিয়াভগা কান্দোন অমিতাভৰ...

    ডিজিটেল ডেস্কঃ একক আৰু অদ্বিতীয় অভিনয়েৰে বলীউডৰ মঞ্চত গিজগিজাই থকা এটা নাম-অমিতাভ, অমিতাভ বচ্চন। সাৱলীল অভিনয়ৰ বাবে অনুৰাগীৰ মন মাজুলীত নিগাজী স্থান দখল কৰিছিল অমিতাভে। পাছে এই সুদিন দেখাৰ পূৰ্বে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিবলগীয়া হৈছিল বলীউডৰ অদ্বিতীয় অভিনেতাজনে। অগণিত প্ৰত্যাহ্বানক নেওচি অমিতাভে স্পৰ্শ কৰিছে সাফল্যৰ উচ্চতম চূড়া। প্ৰায় দুই দশক আগৰ কথা। কঠোৰ পৰিশ্ৰমৰ মাজেৰে দিন নিয়াবলগীয়া হৈছিল অমিতাভ বচ্চনে। বিচাৰিও ছবিত কাম পোৱা নাছিল বলীউড শ্বেহেনশ্বাহে। জীৱন সংগ্ৰামৰ এই সময়তে সৰু পৰ্দাৰ এটা অনুষ্ঠান সঞ্চালনাৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল বিগ বিক। আৰ্থিক দৈন্যতাৰ বাবে আগ-পাছ নেভাবি, নিচিন্তি প্ৰস্তাৱটোৰ প্ৰতি জনাইছিল ইতিবাচক সঁহাৰি। শেহতীয়াকৈ, ‘কৌন বনেগা কোড়ৰপতি’ৰ অনুষ্ঠানটোত এই কথা সদৰী কৰিছে অনিতাভে। অনুষ্ঠানটোৰ অতিথি হৈ আহিছিল অমিতাভৰ জীয়ৰী শ্বেতা বচ্চন নন্দা আৰু নাতিনী নব্যা নভেলী নন্দা।









    দীৰ্ঘ বিৰতিৰ অন্তত পৰিয়ালৰ সদস্যসকলৰ সন্মুখত আৱেগিক হৈ পৰে অমিতাভ। অতীতলৈ উভতি যোৱা অমিতাভে ব্যক্ত কৰিলে মনৰ গুপুত কথা। অমিতাভে কয়, অনুষ্ঠানটোৱে ২১বছৰ অতিক্ৰম কৰিলে। ২০০০ চনত আৰম্ভ হৈছিল যাত্ৰা। তেতিয়া কি হ’ব একো জনা নাছিলো। বহুতে কৈছিল ডাঙৰ পৰ্দাৰ পৰা সৰু পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিলে মোৰ ভাবমূৰ্তি ম্লান পৰিব।’ কথাষাৰ কৈ আবেগিক হৈ পৰিছিল অমিতাভে। অনুষ্ঠানৰ মাজতে শ্বেহেনশ্বাহৰ দুচকুৰে বৈ আহিল চকুলো দুধাৰ। অমিতাভে কয়, ‘তেতিয়া মোৰ আৰ্থিক পৰিস্থিতি বৰ বেয়া আছিল। ভাগি পৰিছিলো। মই চিনেমাত কাম বিচাৰি পোৱা নাছিলো। কিন্তু এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ পাছত মই মানুহৰ পৰা পাইছিলো অফুৰন্ত মৰম।আজিও পাই আছো।ইয়ে মোক জীয়াই তুলিছে। মোৰ এনেকুৱা লাগিছিল যেন পৃথিৱীখন হঠাতে সলনি হৈ গ’ল।’ উল্লেখ্য যে, দৰ্শকৰ নিভাজ,নিটোল,স্নিগ্ধ প্ৰেমে বাৰে বাৰে সোঁৱৰাই দিছে এই কথা যে, অমিতাভে সৰু পৰ্দাত প্ৰৱেশ কৰাৰ সিদ্ধান্তত কোনো ভুল নাছিল।