• গা ৰাই জাই কৰিছে নুছৰতৰ, পূজা মণ্ডপত জয়ঢাক বজালে স্বামী যশে…

    মনোৰঞ্জন
    গা ৰাই জাই কৰিছে নুছৰতৰ, পূজা মণ্ডপত জয়ঢাক বজালে স্বামী যশে…

    নতুন দিল্লীঃ এতিয়া সৰ্বত্ৰে কেৱল দুৰ্গোত্‍সৱৰে বতৰা। ব্যস্ততাৰ পৰা আঁতৰি পূজা মণ্ডপে মণ্ডপে অভিনেতা-অভিনেত্ৰীৰ ভিৰ।পূজা লাগিছে নুছৰতৰ গাটো।পূজাৰ বতৰত গা ৰাই জাই কৰিছে নুছৰতৰ। শেহতীয়াকৈ পুনৰ চৰ্চাৰ মাজলৈ আহিছে নুছৰত। সকলো প্ৰায় একেই আছে। সলনি হৈছে কেৱল জীৱন সঙ্গী। ২০১৯ চনত নুছৰত জাহানক একে চৰিত্ৰতে পূজাৰ সময়ত অভিনয় কৰা দেখা গৈছিল। তেতিয়া তেওঁৰ কাষত আছিল নিখিল জৈন। এইবাৰো ব্যতিক্ৰম নহয় নুছৰত জাহান। পৰম উলাহেৰে পূজা মণ্ডপে মণ্ডপে ঘূৰি ফুৰিছে অভিনেত্ৰীগৰাকী। এইবাৰ তেওঁৰ কাষত যশ দাসগুপ্ত।





    উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে পঞ্চমীৰ দিনা যশক ৰাজহুৱাভাৱে 'স্বামী' হিচাপে স্বীকাৰ কৰিছে। পূজা বুলি যশ-নুছৰতে পূজা মণ্ডপে মণ্ডপে ঘূৰি ফুৰিছে। দৰ্শন কৰিছে প্ৰতিমা,লৈছে মা দুৰ্গাৰ আশীষ। এনেদৰেই তেওঁলোকক ষষ্ঠীৰ দিনা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছিল। সকলো বিতৰ্কক একাশৰীয়া কৰি জীৱনৰ মধুময় সময়খিনি উপভোগ কৰিছে দুই প্ৰেমিক চৰাইয়ে। নুছৰতৰ হাঁহিটোতেই সকলো যেন ফুটি উঠিছে। সকলো বাত-বিতণ্ডাক নেওচি জীৱনৰ সৌন্দৰ্য উপভোগ কৰিছে নুছৰত-যশে। ‘যৌৱন ভণ্ড,জীৱন অন্ধ নকৰিলে প্ৰেম পিৰীতি,শুনা শুনা প্ৰেম অন্ন নেমানে বাধা-বিধিনি…’ নুছৰতে যেন এই কথাষাৰ আকৌ এবাৰ প্ৰমাণ কৰিলে!