comScore
  • গোপনে ছলমান খানেও উপভোগ কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’!

    মনোৰঞ্জন
    গোপনে ছলমান খানেও উপভোগ কৰিলে ‘দ্য কাশ্মীৰ ফাইলছ’!
    ডিজিটেল ডেস্কঃ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ সমগ্ৰ দেশতে এতিয়াও অব্যাহত আছে চৰ্চা। একাংশৰ মতে এই ছবিখনে কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাৰ বিষয়ে সঁচা অৰ্থত কথা কয় সঁচা, কিন্তু এই ছবিখন উদ্দেশ্যে প্ৰণোদিতভাৱে নিৰ্মাণ কৰা হৈছে। আন একাংশৰ মতে এই ছবিখনক দেশৰ বিজেপি শিবিৰে ২০২৪ৰ লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। উল্লেখ্য যে কাশ্মীৰ ফাইলছে বলীউডকো দুটা ভাগত বিভক্ত কৰিছে বুলি আশংকা কৰা হৈছে। যদিও আমিৰ খান, অক্ষয় কুমাৰৰ দৰে তাৰকাসকলেও কাশ্মীৰ ফাইলছৰ কলা-কুশলীসকলক প্ৰশংসা কৰিছে, একে সময়তে ছবিখনক লৈ বলীউডৰ এটা শিবিৰ যেন অসন্তুষ্ট।

    ছবিখনক লৈ বলীউডৰ এটা অংশ কিয় নীৰৱ বুলি সোধাত অনুপম খেৰে কয়, “হয় মই নিজে আচৰিত হৈছো যে বলীউডৰ এটা অংশ এই ছিনেমাখনক লৈ কিয় নীৰৱ হৈ আছে।’’ খবৰ পোৱা গৈছে যে ছলমান খানে অত্যান্ত গোপনে দ্য কাশ্মীৰ ফাইলছ উপভোগ কৰিছে। ছলমানে অনুপম খেৰক ফোন কৰিও ছবিখনৰ সফলতা কামনা কৰিছিল বুলি জানিব পৰা গৈছে।

    চলচ্চিত্ৰখনে ১৯৯০ চনত উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ বিষয়ে বৰ্ণনা কৰিছে। বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে কৈছিল যে ছবিখন অত্যন্ত হৃদয়বিদাৰক। আমিৰ খানে কাশ্মীৰী পণ্ডিতসকলৰ সৈতে ঘটা এই দুৰ্দশাৰ বাবে দুখ প্ৰকাশ কৰিছে। কাশ্মীৰ ফাইলছক লৈ উত্তেজনা কলকাতাৰ দৰ্শকৰ মাজত দেখা গৈছিল। পৰিচালকজনে নিজেই কলকাতাৰ এটা চিনেমা হলৰ ভিডিঅ’ টুইট কৰিছিল। ছবিখন চাবলৈ অহা দৰ্শকৰ ভিৰৰ দেখি বিবেকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, “কলকাতা, কোনে ভাবিছিল যে বাংলা ভাষাতো তৃতীয় সপ্তাহত কাশ্মীৰ ফাইলছৰ দৰে এখন চলচ্চিত্ৰ গৃহপূৰ্ণ হ’ব!”

    দ্বিতীয় সপ্তাহৰ মাজভাগত, চলচ্চিত্ৰখনে ২০০ কোটিৰ সীমা পাৰ কৰিছে। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে কৰোনাৰ পাছত মুক্তি পোৱা সকলো চলচ্চিত্ৰৰ সকলো অভিলেখ ভংগ কৰিছে।