• গৌৰৱান্বিত অসম ! ছুপাৰ ডান্সাৰৰ চেম্পিয়ন খিতাপ অৰ্জন ফ্লৰিনা গগৈৰ

    মনোৰঞ্জন
    গৌৰৱান্বিত অসম ! ছুপাৰ ডান্সাৰৰ চেম্পিয়ন খিতাপ অৰ্জন ফ্লৰিনা গগৈৰ

    ডিজিটেল ডেস্কঃ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ফ্লৰিনা গগৈয়ে। ছনী টিভিৰ কিডছ ডান্স ৰিয়েলিটি শ্ব’ 'Super Dancer Chapter 4'ৰ শনিবাৰে অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেত চেম্পিয়নৰ খিতাপ লাভ কৰে যোৰহাটৰ ফ্লৰিনা গগৈয়ে। চেম্পিয়ন হৈ ফ্লৰিনাই এটা আকৰ্ষণীয় ট্ৰফীৰ লগতে নগদ ১৫লাখ টকাৰ পুৰস্কাৰ লাভ কৰে।









    প্ৰতিযোগিতাখনৰ বিচাৰক দায়িত্বত আছিল শিল্পা ছেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসু। পৰিচালনা কৰিছিল ঋত্বিক ধনজানি আৰু পৰিতোষ ত্ৰিপাঠীয়ে। নৃত্যৰ লগতে মৰমলগা ব্যৱহাৰেৰে বিচাৰক তথা দৰ্শকৰ মন মুহিছিল কণমানিজনীয়ে৷ নৃত্যৰ ছন্দেৰে অৱশেষত জয়ৰ মুকুট পিন্ধি অসমক গৌৰাৱান্বিত কৰিলে ফ্লৰিনাই৷ ফ্লৰিনাৰ গুৰু তুষাৰ ছেট্টীকো ৫ লাখ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হৈছে৷