• চেলিব্ৰিটীৰ বিবাহ! কেটৰিনাৰ হাতত উজলিব লাখটকীয়া ‘ফ্ৰী’ মেহেন্দী

    মনোৰঞ্জন
    চেলিব্ৰিটীৰ বিবাহ! কেটৰিনাৰ হাতত উজলিব লাখটকীয়া ‘ফ্ৰী’ মেহেন্দী

    মুম্বাই: বলীউডত এতিয়া বিয়াৰ বতৰা৷ বিকী-কেটৰিনাৰ বিয়াক লৈ বৰ্তমান গৰম হৈ আছে বলীউড৷ ক’ত, কিদৰে বিয়াৰ যোগাৰ চলিছে তাক লৈ এতিয়া অনুৰাগীৰ উৎকণ্ঠাৰ সীমা নাই! ডিচেম্বৰ মাহতে ৰাজস্থানত অনুষ্ঠিত হ’ব বিকী কৌশাল আৰু কেটৰিনা কাঈফৰ বিবাহানুষ্ঠান৷ এই বিয়াত কেটৰিনাৰ হাতত ১লাখ টকীয়া বিশেষ মেহেন্দীয়ে শুৱনি কৰিব দুহাত৷





    ৭০০ বছৰীয়া পুৰণি বাৰৱাৰ দূৰ্গত সম্পন্ন হ’ব বলীউড যুটিৰ বিবাহ৷ অৱশ্যে এই বিয়াত উপস্থিত থকা লোকসকলে মানিব লাগিব বিশেষ নিয়ম৷ ৰাজস্থানৰ যোধপুৰ পালি জিলাৰ পৰা কেটৰিনালৈ পথাব বিশেষভাৱে প্ৰস্তুত কৰা ছোজাট মেহেন্দী৷ জানিব পৰা মতে ইতিমধ্যে বিকী-কেটৰিনালৈ এই মেহেন্দীৰ নমুনা প্ৰেৰণ কৰিছে৷ সম্পূৰ্ণ হাতেৰে তৈয়াৰ কৰা এই মেহেন্দী কোনো ৰাসায়নিক দ্ৰব্য মিহলি কৰা নহয়৷





    উল্লেখ্য যে, মেহেন্দী প্ৰস্তুতকাৰীসকলে জনোৱা মতে কেটৰিনাৰ বিয়াৰ বাবে তৈয়াৰ কৰা এই ছোজাট মেহেন্দী ৫০,০০০ পৰা ১লাখ টকা পৰ্যন্ত মূল্য হয় যদিও তেওঁলোকে সেই মূল্য গ্ৰহণ নকৰে৷ বিয়াৰ উপহাৰ হিচাপে অভিনেত্ৰীগৰাকীলৈ আগবঢ়াব এই মেহেন্দী৷