আঞ্চলিক
ডিজিটেল ডেস্কঃ ছবি জগতৰ ছুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে দাদাচাহেব ফাল্কে বঁটা। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা বুলি গণ্য কৰা হয় দাদাচাহেব ফাল্কে বঁটাক। ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত দাদাচাহেব ফাল্কে বঁটা ৰজনীকান্তক প্ৰদান কৰা হয়। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ পৰা নিজ হাতে এই বঁটা গ্ৰহণ কৰে প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তৰ পত্নী লতা, জীয়ৰী সৌন্দৰ্য আৰু জোঁৱায়েক ধনুষ উপস্থিত আছিল। উল্লেখনীয় কথাটো হ'ল ৰজনীকান্তৰ জোঁৱাই ধনুষে 'অসুৰণ' ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
আৰু পঢ়কঃ আপুনি ‘অমৰ’ হ’ব বিচাৰে নেকি? যদি বিচাৰে তেন্তে খৰচ কৰিব লাগিব ইমান টকা!
বঁটা গ্ৰহণ কৰি পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ উঠে ৰজনীকান্ত। এসময়ত তেওঁ বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছিল সেই কথাও উল্লেখ কৰে। কণ্ডাক্টৰ হৈ থাকোঁতে লগ পোৱা বাছচালক বন্ধু ৰাজ বাহাদুৰৰ অন্যতন অৱদান আছিল তেওঁৰ জীৱনত বুলি স্মৰণ কৰে অভিনেতাগৰাকীয়ে। ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা কথাটোৱে সুখী কৰি তুলিছে দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যেগক।
Leave A Comment