• ছেলিম খানৰ আত্মীয় হ'ব শত্ৰুঘ্ন সিনহা! অতি শীঘ্ৰেই খান পৰিয়ালৰ বোৱাৰী হ'ব সোণাক্ষী

    মনোৰঞ্জন
    ছেলিম খানৰ আত্মীয় হ'ব শত্ৰুঘ্ন সিনহা! অতি শীঘ্ৰেই খান পৰিয়ালৰ বোৱাৰী হ'ব সোণাক্ষী

    ডিজিটেল ডেস্কঃ এইকেইদিন এটা খবৰে বলীউড গৰম কৰি ৰাখিছে। খবৰটো হ'ল ছলমান খানৰ পিতৃ ছেলিম খান আৰু সোণাক্ষী সিনহাৰ পিতৃ শত্ৰুঘ্ন সিনহা অতি সোনকালে আত্মীয় হ'বলৈ গৈ আছে। বলীউডত কিছুদিন ধৰি ইখনৰ পিছত সিখন বিয়াৰ খবৰ আহি আছে। ছলমান খানৰ বিয়া এতিয়ালৈকে হোৱা নাই। সকলোৱে আটাইতকৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা বিয়াখনেই হৈছে ভাইজানৰ বিয়া। ছেলিম খানৰ তিনি পুত্ৰৰ ভিতৰত কেৱল ছলমান খানেই বিয়া নপতাকৈ আছে। মানুহৰ মাজত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে ছলমান খানে কেতিয়া বিয়া পাতিব?





    ইয়াৰ মাজতে হঠাতে ছেলিম খান আৰু শত্ৰুঘ্ন সিনহা আত্মীয় হ'বলৈ গৈ আছে বুলি ওলোৱা খবৰে মানুহৰ মাজত প্ৰশ্ন উত্থাপন কৰাইছে যে ছলমান খানে কেতিয়া বিয়া পাতিব সোণাক্ষী সিনহাক? সোণাক্ষীৰ জীৱনৰ প্ৰথম চিনেমাখনৰ নায়ক আছিল ছলমান খান। ''থাপ্পৰ ছে ডৰ নেহী লাগটা চাহাব..প্যাৰ ছে লগতা হে'' বুলি কোৱা সোণাক্ষী সঁচাকৈয়ে প্ৰেমত পৰিল নেকি ডাবাং খানৰ?





    শত্ৰুঘ্ন সিনহা আৰু ছেলিম খান বহুত ভাল বন্ধু আৰু অহা কেইদিনমানত দুয়োজনে তেওঁলোকৰ বন্ধুত্বৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিব বিচাৰিছে। ছ'চিয়েল মিডিয়াত ছলমানৰ পিতৃ ছেলিম খান আৰু সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহা আত্মীয় হ'ব বুলি পোহৰলৈ অহাৰ পিছৰে পৰা সকলোৱে জানিবলৈ উৎসাহিত হৈ পৰিছে যে ছলমান আৰু সোনাক্ষীয়ে কেতিয়া বিবাহপাশত আৱদ্ধ হ'ব? অৱশ্যে এনে খবৰ অধিক ৰূপত জানিব বিচৰাসকলে খুঁচৰি খুঁচৰি উদ্ধাৰ কৰে যে ছেলিম আৰু শত্ৰুঘ্ন আত্মীয় হ'ব সঁচা কিন্তু সেয়া ছলমান আৰু সোণাক্ষীৰ বিয়াৰ জৰিয়তে নহয়।





    জাহিৰ ইকবালৰ সৈতে সোণাক্ষী সিনহা




    ছেলিম খানৰ সৰু পুত্ৰ ছোহেইল খানৰ খুলশালী জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব সোণাক্ষী। বিগত কিছুদিন ধৰি জাহিৰ ইকবালক সোণাক্ষীয়ে ডেট কৰি আছে বুলি খবৰ পোহৰলৈ আহিছিল। অতি সোনকালেই ৩৩ বছৰীয়া জাহিৰ ইকবালক পতি বৰণ কৰিব ৩৪ বছৰীয়া সোণাক্ষীয়ে। গতিকে এটা কথা নিশ্চিত যে ছলমানৰ জৰিয়তে নহয় জাহিৰ ইকবালৰ জৰিয়তেহে একে পৰিয়ালৰ সদস্য হ'ব ছেলিম খান আৰু শত্ৰুঘ্ন সিনহা।





    আৰু পঢ়কঃ কলি যুগৰ ৰাম প্ৰধানমন্ত্ৰী মোদী! ১০ লাখ চাকি জ্বলাই আদৰণি প্ৰধানমন্ত্ৰীক, ক’ত?