ডিজিটেল ডেস্ক :
চেইফ আলী খান আৰু কৰীণা কাপুৰ খানৰ পুত্ৰ কণমানি টাইমুৰ আলী খানৰ জন্মৰ পৰাই লাভ কৰিছে এক সুকীয়া জনপ্ৰিয়তা লাভ। সৰু সৰু ভৰিৰে এখোজ-দুখোজ কৈ আগবাঢ়ি পাঁচ বছৰত ভৰি দিলে টাইমুৰে ৷ কেমেৰা দেখিলেই আগবাঢ়ি আহে টাইমুৰ। সামাজিক মাধ্যমত ভাইৰেল হোৱা টাইমুৰৰ ফটোৱে আপ্লুট কৰিছে অনুৰাগীক। তেওঁৰ জনপ্ৰিয়তা এজন তাৰকাতকৈ কম নহয়। অপেক্ষা মাথোন ডাঙৰ পৰ্দাৰ আত্মপ্ৰকাশৰ। এইবাৰ অক্ষয় কুমাৰে অনুৰাগীসকলৰ প্ৰত্যাশা পূৰণ কৰিবলৈ গৈ আছে।
'মই খিলাড়ী তু আনাৰী'ৰ পৰা 'তাচন'লৈকে, অক্ষয় কুমাৰে
চেইফ আলী খানৰ সৈতে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ কৰীণাৰ সৈতে 'এতৰাজ' আৰু 'গুড নিউজ'ত অভিনয় কৰিছে। তেওঁ কৰীণাৰ ভগ্নী কৰিশ্মা কাপুৰৰ সৈতেও অভিনয় কৰিছে। আনকি শেহতীয়াকৈ, অক্ষয়ক চেইফৰ জীয়ৰী চাৰা আলী খানৰ সৈতে 'আট্ৰাংগী ৰে'ত দেখা গৈছিল। এতিয়া টাইমুৰৰ সৈতে অভিনয় কৰাৰ সময় অক্ষয়ৰ।
টুইংকল খান্নাৰ সৈতে হোৱা এক শেহতীয়া সাক্ষাৎকাৰত কৰীণাই কৈছিল যে, অক্ষয় কুমাৰে বহু নতুন অভিনেত্ৰীক সুযোগ দিছে৷ অক্ষয়ে যি অভিনয় কৰে সেই ছবিও হিট নোহোৱাৰ কোনো কাৰণেই নাথাকে৷ এনেসময়তে টুইংকলে কৈছিল যে অক্ষয়ে এই মুহূৰ্তত টাইমুৰৰ সৈতে এখন ছবিৰ পৰিকল্পনা কৰি আছে। সেই ছবিখনত দুজন অভিনেতা থাকিব বুলিও সদৰী কৰিছিল৷ তেওঁৰ পত্নী টুইংকলৰ সৈতেও এই কথা শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে।আৰু অতিশীঘ্ৰেই ইয়াৰ কাম আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে অনুৰাগীসকলক৷
Leave A Comment