• ডিচেম্বৰতে হোমৰ উত্তাপ লোৱাৰ ইচ্ছা কেট সুন্দৰীৰ, বিপাঙত বিকি ভাইয়া...

    মনোৰঞ্জন
    ডিচেম্বৰতে হোমৰ উত্তাপ লোৱাৰ ইচ্ছা কেট সুন্দৰীৰ, বিপাঙত বিকি ভাইয়া...

    ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কেটৰিনা কাইফ (কেট) আৰু বিকি কৌশলৰ বিবাহৰ খবৰ বিগত কেইদিনমানৰ পৰা ভাইৰেল হৈ আছে। দুয়োজন সোনকালেই বিবাহপাশত আৱদ্ধ হ'ব বুলি বিভিন্ন মহলে কৈছে যদিও যদিও এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই৷





    অৱশ্যে দুয়োগৰাকী ছুপাৰষ্টাৰ শ্বুটিংৰ কামত ব্যস্ত থকাৰ বাবে বিয়াৰ বাবে তেওঁলোকে নিৰ্দিষ্ট দিন ধাৰ্য কৰিব পৰা নাই৷ বিকিয়ে ২০২২ চনৰ মে মাহত ছবিখনৰ দৃশ্যগ্ৰহণ শেষ কৰি বিয়াত বহিব বিচাৰিছে৷ কিন্তু কেটে ইমান দীঘলীয়া অপেক্ষা কৰিবলৈ বিচৰা নাই৷ তেওঁ ক’য় যে, যিহেতু বিয়াৰ বাবে স্থানলৈকে যেতিয়া ঠিক হৈ গৈছে, তেনেহ’লে ইমান দিন অপেক্ষা কৰাৰ প্ৰয়োজন নাই৷





    বিকি আৰু কেটৰিনাৰ (কেট) এক ঘনিষ্ঠ সূত্ৰই ক’য় যে, কেটে বিয়াৰ বাবে ইতিমধ্যে সাজ-পোছাকলৈকে প্ৰস্তুত কৰিছে, আৰু সেই পোছাকযোৰ গৰমৰ দিনৰ বাবে একেবাৰে অনুপযুক্ত, কাৰণ বিকিয়ে যদি মে’ মাহত বিয়াত বহে তেনেহ’লে সেই কাপোৰযোৰ গৰমত পিন্ধিবলৈ একেবাৰে অনুপযুক্ত হ’ব৷ কাৰণ তেওঁলোকৰ বিয়াখন ৰাজস্থানৰ এটা বিশেষ ৰাজমহলত অনুষ্ঠিত হ’ব আৰু মে’ মাহত তাত যথেষ্ট গৰম হয়, সেইবাবে কেটে এইবছৰৰ ডিচেম্বৰৰ শেষৰফালে বিয়াত বহিব বিচাৰে৷ তদুপৰি তেওঁলোকৰ বিয়াখন দিনৰ ভাগত অনুষ্ঠিত হ’ব আৰু বিয়াখনৰ নিয়ম কানুনসমূহ গোটেই দিনজোৰা কাৰ্যসূচীৰে হ’ব গতিকে ইমান হেভি কষ্টিউম পিন্ধি কেটে মে’ মাহত বিয়াত বহিবলৈ কোনোপধ্যেই ৰাজি নহয়৷