ডিজিটেল ডেস্ক:
বিবাহৰ খবৰে উদূলি-মূদূলি হৈ পৰিছে হিন্দী টেলিভিছন জগত৷ সৰু পৰ্দাৰ অভিনেত্ৰী-ভিনেতাৰ বিবাহৰ খবৰে ৰজনজনাইছে ৷ অভিনেত্ৰী মৌনী ৰয়ৰ বিবাহৰ পাছত এইবাৰ বিবাহৰ গুণগুননি চলিছে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ৷ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই এটা বিশেষ পোষ্টে অনুৰাগীক কৰিছে আকৰ্ষণ। অভিনেতা বিশাল সিঙৰ প্ৰেমত পৰিছে দেৱলীনা। দুয়োগৰাকীৰ প্ৰেমৰ মোহৰ মাৰি ছ'চিয়েল মিডিয়াত কৰিলে এটি পোষ্ট৷
দেৱলীনা অলপতে বিগ বছৰ ঘৰৰ পৰা ওলাই অহাৰ
পাছত অসুস্থ হৈ পৰিছিল। অভিনেত্ৰীগৰাকীৰ ভৰিত কৰোৱা হয় অস্ত্ৰোপচাৰো । অভিনেত্ৰীগৰাকী বৰ্তমান ঘৰতেই আছিল। ইয়াৰ মাজতে, দেৱলীনাক তেওঁৰ অনস্ক্ৰীণ দেওৰ অভিনেতা বিশাল সিঙে দিছিল এক প্ৰস্তাৱ। এই প্ৰস্তাৱ আছিল বিবাহৰ৷
বিশালে এটি ফুলৰ থোপা আৰু এটা আঙুঠি লৈ দেৱলীনাৰ ঘৰত উপস্থিত হৈছিল। খবৰ ল'বলৈ যোৱা বিশালে আঁঠুকাঢ়ি প্ৰেম নিবেদন কৰিছিল অভিনেত্ৰীগৰাকীক৷ দেৱলীনাই 'সাথ নিভানা সাথিয়া' ধাৰাবাহিকত গোপীৰ চৰিত্ৰত অভিনয় কৰিছিল৷ আনহাতে বিশালে দেওৰ জিগৰৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই ধাৰাবাহিকখনৰ জৰিয়তে দুয়োজনেই ইজনে-সিজনৰ কাষ চাপিছিল৷ অৱশেষত, অভিনেত্ৰীগৰাকীয়ে নিজেই তেওঁৰ মনৰ মানুহজনৰ নাম প্ৰকাশ কৰিলে ছ'চিয়েল মিডিয়াত।
পিছে বহুতৰ মতে এয়া অভিনেত্ৰীগৰাকীৰ আহিব লগীয়া এটি গানৰ প্ৰমোচন হে৷ দিঠকতে বিবাহৰ প্ৰস্তাৱ নে আন কিবা সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হ'ব৷
Leave A Comment