• নাজল-নাথল অৱস্থা ভাট-কন্যাৰ! সৰব বলীউড কন্ট্ৰ'ভাৰ্ছী কুইন

    মনোৰঞ্জন
    নাজল-নাথল অৱস্থা ভাট-কন্যাৰ! সৰব বলীউড কন্ট্ৰ'ভাৰ্ছী কুইন

    নতুন দিল্লীঃ ‘কন্যাদান নহয় কন্যামান!’ সম্প্ৰতি নামী পোছাকৰ ব্ৰেণ্ড্ৰৰ বিজ্ঞাপনত সমাজৰ প্ৰচলিত নিয়মক প্ৰত্যাহ্বান জনাই সামাজিক মাধ্যমত যোগাত্মক বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত অভিনেত্ৰী। বিজ্ঞাপনটোৰ অভিনয় বলীউড অভিনেত্ৰী আলিয়া ভাটৰ। শেহতীয়াকৈ বিতৰ্কৰ বিবাদত সোমাই পৰিছে ভাট কন্যা। উল্লেখ্য যে, এই বিজ্ঞাপনটোৰ জৰিয়তে পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে বিশেষ বাৰ্তা প্ৰেৰণৰ উদ্যোগ হাতত লোৱা হৈছিল বুলি সদৰী কৰিছে বিজ্ঞাপন নিৰ্মাতা কোম্পানীটোৱে।





    কিন্তু সাম কটা নাই উত্তেজনাৰ। বাৰ্তা দিবলৈ গৈ এইবাৰ জনতাৰ ৰোষত জনপ্ৰিয় অভিনেত্ৰীগৰাকী। আলিয়াক ‘হিন্দুবিৰোধী’ বুলিও একাংশই কটাক্ষ কৰিছে। শেহতীয়াকৈ চলি থকা বিতৰ্কক লৈ সৰব হৈ পৰা দেখা গ’ল কংগনা ৰানাৱটক। জ্বলা জুইকুৰাত যেন ঘিহে ঢালিলে কংগনাই। আলিয়াৰ বিৰুদ্ধে ‘হিন্দুবিৰোধী’ অভিযোগৰ ছিটিকনি পৰাৰ পাছতে একে সুৰতে সুৰ মিলাইছে বলীউড কন্ট্ৰ'ভাৰ্ছী কুইনে। সহজ সৰল মানুহখিনিক ঠগিবলৈ ধৰ্মক সজুঁলি হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়নি কংগনাৰ। ইয়াৰোপৰি, ‘হিন্দুসকলৰ ৰীতি-নীতি অতি সংবেদনশীল আৰু বৈজ্ঞানিক।





    আমাৰ বৈবাহিক ৰীতিমতে এগৰাকী মহিলাই নিজৰ তেজৰ সম্পৰ্ক, গোত্ৰ এৰি আন এটা পৰিয়ালত প্ৰৱেশ কৰে। যাৰ বাবে তেওঁ কেৱল তেওঁৰ পিতৃৰ পৰাই নহয় তেওঁৰ পূৰ্বপুৰুষৰ পৰাও অনুমতি ল'ব লাগিব। যি পূৰ্বপুৰুষৰ তেজ তেওঁৰ শৰীৰত প্ৰবহমান। আৰু পিতৃয়েও কন্যাৰ নতুন জীৱনৰ বাবে অনুমতি তথা আশীৰ্বাদ দিয়ে।‘ কংগনাই এটা পোষ্টত এইদৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰোপৰি এনে ধৰণৰ বিজ্ঞাপন বৰ্জন কৰাৰ লগতে তেওঁলোকক নাকি লগাব লাগে বুলিও সদৰী কৰে অভিনেত্ৰীগৰাকীয়ে। অৱশ্য়ে এই বিতৰ্ক সন্দৰ্ভত এতিয়াও মুখ খোলা নাই ভাট কন্যাই।