• নিস্বাৰ্থ ভালপোৱাঃ প্ৰিয় মানুহজনৰ বাবে কি কি কৰিব পাৰে মানুহে...

    মনোৰঞ্জন
    নিস্বাৰ্থ ভালপোৱাঃ প্ৰিয় মানুহজনৰ বাবে কি কি কৰিব পাৰে মানুহে...

    ডিজিটেল ডেস্কঃ নিজৰ কৰ্ম আৰু ব্যক্তিত্বৰ বাবে জনপ্ৰিয় হোৱা মানুহৰ অনুৰাগীৰ সীমাসংখ্যা নাই। হিয়াউজাৰি ভালপোৱা প্ৰিয় মানুহজনৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে অনুৰাগী। হিয়া উজাৰি দেখুৱাব বিচাৰে তেঁওৰ প্ৰতি থকা ভালপোৱা।





    বিজয়, বিজয় দীননাথ চৌহান পুৰা নাম… এয়া যেন এক ডাইলগেই নহয়, প্ৰতিজন অনুৰাগীৰ হৃদয়ত স্থান লোৱা এক উক্তি। প্ৰায় পাঁচটা দশক ধৰি নিজৰ অভিনয়েৰে অন্তৰ জিনি আহিছে অমিতাভ বচ্চনে। টুইটাৰত বিগ বিৰ অনুৰাগীৰ সংখ্যা ৪৬ মিলিয়নৰো অধিক। লাখ লাখ অনুৰাগীৰ মাজৰে এগৰাকী লোকে আপ্লুত কৰিছে অভিনেতাজনক। সেহতীয়াকৈ ৭৯ বছৰীয়া অভিনেতাজনে সাক্ষাৎ কৰে তেঁওৰ এজন অনুৰাগীক যিয়ে নিজৰ নতুন মহিন্দ্ৰা থৰ গাড়ীখনত অমিতাভৰ চিনেমাৰ ডাইলগবোৰ লিখাই লৈছে। অনুৰাগীজনৰ সৈতে উঠা কিছু ফটোও ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে অভিনেতাগৰাকীয়ে। তাত দিয়া কেপশ্যনত তেঁও লিখে, 'তেঁও গোটেই গাড়ীখনত মোৰ চিনেমাৰ ডাইলগবোৰ আঁকি লৈছে… আৰু তেঁওৰ চোলাটোত মোৰ গোটেই চিনেমাৰ নাম লিখা আছে… আপুনি যেতিয়া গাড়ীখনৰ দৰ্জা খুলিব তাৰ ছাউণ্ড ছিষ্টেমটোৱে মোৰ ডাইলগবোৰ বজাবলৈ আৰম্ভ কৰে'। বচ্চনে লগতে জনায় যে তেঁও ডেশ্ববোৰ্ডত অটোগ্ৰাফ নিদিয়ালৈকে অনুৰাগীগৰাকীয়ে তেঁওৰ থৰ গাড়ীখন চলোৱাই নাছিল।





    অমিতাভৰ প্ৰতি অপৰিসীম ভালপোৱা থকা অনুৰাগীজন হৈছে কলকাতাৰ অনুৰাগ চিৰিমাৰ। অনুৰাগৰ কৰ্মই আনকি মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰাৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উদ্যোগপতিগৰাকীয়ে টুইটযোগে অনুৰাগৰ কামৰ শলাগ লয়।