• পৰ্ণগ্ৰাফীৰ পাছত এইবাৰ প্ৰৱঞ্চনা! পুনৰ নতুন গোচৰত জেৰাৰ সন্মুখীন ৰাজ-শিল্পা

    মনোৰঞ্জন
    পৰ্ণগ্ৰাফীৰ পাছত এইবাৰ প্ৰৱঞ্চনা! পুনৰ নতুন গোচৰত জেৰাৰ সন্মুখীন ৰাজ-শিল্পা

    ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাক ইটোৰ পিছত সিটো সমস্যাই লগ নেৰা হৈছে। এটাৰ পৰা সমস্যামু্ক্ত হৈ উঠাৰ পাছতেই মূৰ ডাঙি উঠে আন এটা সমস্যাই। বিপদ যেন লগৰী হৈ পৰিছে কুন্দ্ৰা দম্পতীৰ বাবে। এইবাৰ এক প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈছে ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টী। মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে দুয়োকে প্ৰৱঞ্চনাৰ গোচৰটোত অভিযুক্ত কৰিছে। নীতিন বৰাই নামৰ এজন ব্যক্তিয়ে শিল্পা চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰিছিল।





    নীতিন বৰাইয়ে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। নীতিনে কয় যে শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই ২০১৪-২০১৫ বৰ্ষত এটা ফিটনেছ কোম্পানীৰ জৰিয়তে তেওঁক ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল। নীতিন বৰাইৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে আইপিচিৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে বিষয়টোৰ ওপৰত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। এই গোচৰত জেৰাৰ সন্মুখীন হ'ব ৰাজ-শিল্পা। শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাক ধনৰ লেনদেনৰ ওপৰত প্ৰশ্ন কৰা হ'ব পাৰে।





    আৰু পঢ়কঃ বিকিৰ বাহুবন্ধনত কেটৰিনা; হাতৰ মাণিক বাটতে হেৰুৱাই বিৰহী হ’ল চল্লু মিঞা





    উল্লেখ্য যে পৰ্ণ ভিডিঅ' বনোৱা আৰু আপলোড কৰাৰ ক্ষেত্ৰত ৰাজ কুন্দ্ৰা দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছিল। ৰাজ কুন্দ্ৰাই বৰ্তমান জামিনত মুক্তি লাভ কৰিছে। ৰাজে কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সংবাদ মাধ্যমৰ পৰা দূৰত্ব বজাই ৰাখিছে। ৰাজে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰো বন্ধ কৰি দিছে। ৰাজ আৰু শিল্পাৰ জীৱন লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল। দুয়োকে দুদিন মানৰ পূৰ্বে একেলগে মন্দিৰ দৰ্শন কৰা দেখা গৈছিল। কিন্তু এতিয়া আকৌ এবাৰ শিল্পা আৰু ৰাজৰ জীৱনলৈ নামি আহিল ঘোৰ সংকট। এই সমস্যাৰ পৰা কেতিয়া কুন্দ্ৰা দম্পতী মুক্ত হ'ব সেয়াহে হ'ব লক্ষ্যণীয়।