• পৱনদীপৰ কণ্ঠত অসমীয়া গীতৰ গুঞ্জন; ‘পগলা ফাগুণে’ উতলা কৰিছে সংগীতপ্ৰেমীৰ মন

    মনোৰঞ্জন
    পৱনদীপৰ কণ্ঠত অসমীয়া গীতৰ গুঞ্জন; ‘পগলা ফাগুণে’ উতলা কৰিছে সংগীতপ্ৰেমীৰ মন

    গুৱাহাটী : 'ইণ্ডিয়ান আইডল-১২'ৰ খিতাপ বিজয়ী পৱনদীপ ৰাজনৰ কণ্ঠ আৰু গায়কীয়ে এতিয়া জয় কৰিছে বহুতৰে অন্তৰ৷ দেশৰ সংগীত জগতৰ এটা পৰিচিত হৈ পৰা পৱনদীপে প্ৰথমবাৰৰ বাবে কণ্ঠদান কৰিছে অসমীয়া গীতত৷ উত্তৰাখণ্ডৰ শিল্পীগৰাকীয়ে ইণ্ডিয়ান আইডলৰ প্ৰতিটো খণ্ডতে বিচাৰকৰ, অতিথিৰ পৰা আৰম্ভ কৰি দৰ্শকক গীতেৰে মোহিত কৰি আহিছিল৷ এই বিশেষ অনুষ্ঠানটোত পৱনদীপ-অৰুণিতা যুটিয়ে বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছিল৷





    আৰু পঢ়িব পাৰিব :  ‘ভুকি নাথাকিব কোহলী’! কোনে আৰু কিয় এনেদৰে অপমান কৰিলে বিৰাট কোহলীক?






    শেহতীয়াকৈ পৱনদীপ ৰাজনে এটি অসমীয়া গীতত কণ্ঠদান কৰিছে। ১৬ অক্টোবৰত মুক্তি লাভ কৰা ‘পগলা ফাগুণে’ শীৰ্ষক গীতটিয়ে ইতিমধ্যে ইউটিউবত জনপ্ৰিয়তা অৰ্জন কৰিছে। অতি সুন্দৰ লোকেচনত দৃশ্যগ্ৰহণ কৰা এই গীতটিৰ পৰিচালনা কৰিছে মনদীপ গগৈয়ে। সুৰ প্ৰডাকচনৰ এই গীতটি ৰচনা কৰিছে মনদীপ গগৈয়ে আৰু সংগীত দিছে বিভূতি গগৈয়ে।





    আৰু পঢ়িব পাৰিব :  খেলপথাৰত ব্যৰ্থ..পিছে ডুবাইৰ হোটেলত পত্নী-কন্যাৰে কোহলীৰ সুখৰ সময়





    গীতটিত অভিনয় কৰিছে সমীৰণ মোহন আৰু মণিকা শৰ্মাই৷ নৃত্য পৰিচালনা কৰিছে দীপু নেওগে। কেৱল গান গোৱাই নহয়, বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাতো পাকৈত পৱনদীপ। ইতিমধ্যে পৱনদীপে কেইবাটাও গীতত কণ্ঠদান কৰাৰ লগতে বহুকেইটা আঞ্চলিক ভাষাৰ গীতটো কণ্ঠদান কৰিছে৷