• বনাঞ্চলতো স্বচ্ছতাৰ অভিযান! জেনছ টয়লেট বিচাৰি আহিল বন ৰজা...

    মনোৰঞ্জন
    বনাঞ্চলতো স্বচ্ছতাৰ অভিযান! জেনছ টয়লেট বিচাৰি আহিল বন ৰজা...

    ডিজিটেল ডেস্কঃ বন ৰজাৰ আজৱ কাণ্ড! অৰণ্যত বুকু ফিন্দাই মুক্ত বিচৰণ কৰি ফুৰা সিংহৰ নাভূত-নাশ্ৰুত কাণ্ডই সম্প্ৰতি চৰ্চা লাভ কৰিছে। অৰণ্যৰ আন প্ৰাণীয়েও ভীতি-সন্ত্ৰস্ত হৈ থাকে বন ৰজাৰ বাবে। কিন্তু অৰণ্যত দপদপাই থকা বন ৰজা এইবাৰ পালেগৈ শৌচালয়।





    মানুহে ব্যৱহাৰ কৰা শৌচালয়ত প্ৰৱেশ বন ৰজাৰ। এইবাৰ বনাঞ্চলতে যেন স্বচ্ছতাৰ অভিযান চলিছে। আচহুৱা যেন লাগিলেও তেনে এক কাণ্ডই শেহতীয়াকৈ সংঘটিত হৈছে। ঘটনাটোৰ ভিডিঅ' ফুটেজটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো ৱাইল্ডলেঞ্চ ইক’ ফাউণ্ডেশ্যন নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ নিজৰ একাউণ্টত শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখে, ‘ৰাজহুৱা শৌচালয় মানুহে ব্যৱহাৰ কৰোতে মানুহ সাৱধান হ'ব লাগে। কি ঠিক শৌচালয়ত বন্য জন্তুও থাকিব পাৰে।’ মাত্ৰ এক মিনিটৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে-লগে টুইটাৰ একাউণ্টটোত কমেণ্টৰে ভৰি পৰিছে।