• বিকিৰ বাহুবন্ধনত কেটৰিনা; হাতৰ মাণিক বাটতে হেৰুৱাই বিৰহী হ’ল চল্লু মিঞা

    মনোৰঞ্জন
    বিকিৰ বাহুবন্ধনত কেটৰিনা; হাতৰ মাণিক বাটতে হেৰুৱাই বিৰহী হ’ল চল্লু মিঞা

    ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ হ'বলগীয়া বিয়াখনে এই কেইদিন গৰম কৰি ৰাখিছে বলীউড। প্ৰতিজন অনুৰাগীয়ে তেওঁলোকৰ বিয়াখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে। কেট-বিকিয়ে যদিও তেওঁলোকৰ বিয়াক লৈ এতিয়ালৈকে মুখ খোলা নাই তথাপিও বলীউডত এক খবৰ বিয়পি পৰিছে যে অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰত এই বহু চৰ্চিত বিয়াখন হ'ব বুলি খবৰ ওলাইছে। বিয়াৰ প্ৰস্তুতি সুন্দৰকৈ চলি আছে নে নাই সেয়া চাবৰ বাবে দুই তাৰকাৰ টীম উপস্থিত হৈছেগৈ জয়পুৰত।





    এই সময়ৰ বহু চৰ্চিত যুটীটো




    বিয়াখনত ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলহে উপস্থিত থাকিব। কেটৰিনা কাঈফৰ প্ৰাক্তন প্ৰেমিক ছলমান খান আৰু তেওঁৰ পৰিয়াল এই বিয়াখনত উপস্থিত নাথাকে বুলি জানিব পৰা গৈছে। কেটৰিনাই কিন্তু নিজৰ বিয়াৰ প্ৰথম নিমন্ত্ৰণ ছলমান খান আৰু তেওঁৰ পৰিয়ালকে দিছিল। প্ৰায় ৬ বছৰীয়া প্ৰেমৰ সম্পৰ্কত আছিল চল্লু ভাই আৰু কেট। বলীউডত খোপনি পুতিবলৈ কেটৰিনাক সহায় কৰিছিল ছলমান খানে। প্ৰেমৰ সম্পৰ্কৰ যতি পৰাৰ পাছতো কিন্তু দুয়োৰে মাজত বন্ধুত্বসুলভ সম্পৰ্ক বৰ্তি আছে। কেটৰিনাৰ ভাল আৰু বেয়া সময়ত সদায়ে কাষত থিয় দি আহিছে ছলমান খান। ইয়াৰ পাছতো কিয় ছলমান খান কেটৰিনাৰ বিয়াত উপস্থিত নহয় তাৰে ভূ পোৱা নাই কোনেও। এই বিষয়টো এতিয়া বলীউডৰ ভিতৰে-বাহিৰে গৰম খবৰ হৈ পৰিছে।





    এটা সময়ৰ বহু চৰ্চিত যুটীটো




    কেট-বিকিৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকিব কৰণ জোহৰ, কিয়াৰা আদৱানী, সিদ্ধাৰ্থ মালহোত্ৰা, মিনি মাথুৰ,ৰোহিত চেট্টী, বৰুণ ধাৱান,নাতাশা দালাল আদি। বিয়াৰ পূৰ্বে কৰিবলগীয়া ৰীতি-নীতিসমূহ কেটৰিনাই পৰিচালক কবীৰ খানৰ মুম্বাইৰ ঘৰত পালন কৰিছিল। কেটৰিনা কবীৰ খানৰ খুব ঘনিষ্ঠ আৰু তেওঁৰ সৈতে আছে পাৰিবাৰিক সম্পৰ্ক। কেটৰিনাৰ ৰাখী ভাতৃ কবীৰ খান। এতিয়া মাথোঁ কেট-বিকিয়ে মাহ-হালধি সনা দিনটোলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগীসকল।