নতুন দিল্লীঃ
বিবাহ বিচ্ছেদ হ’লেও আমিৰ-কিৰণৰ বন্ধুত্বত মেলা নাই ফাট। আৰু সেই বন্ধুত্বৰ ওপৰত ভৰষা ৰাখিয়েই শেহতীয়াকৈ একেলগে কাম কৰিবলৈ আগবাঢ়িছে আমিৰ-কিৰণে। জানিবলৈ পোৱা মতে, নতুন ছবিৰ কামত হাত দিছে কিৰণে। ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লৈছে আমিৰ খানে নিজে। ছবিখনৰ কামো ইতিমধ্যে আৰম্ভ হৈছে বুলি প্ৰকাশ পাইছে।
বিগত সপ্তাহত পুনেত ছবিখনৰ দৃশ্যগ্ৰহণৰ কামো আৰম্ভ কৰিছে কিৰণে। কিৰণ-আমিৰে তেওঁলোকৰে এক ঘনিষ্ঠ সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰিছে। সংবাদ মাধ্যমত প্ৰকাশপোৱা অনুসৰি , ‘ছবিৰ স্ক্ৰিপ্টখন আমিৰৰ সন্মুখত বৰ্ণনা কৰিছিল কিৰণে। স্ক্ৰিপ্টখনে মন চুইছিল আমিৰৰ। আমিৰে লগে লগে ছবিখনৰ প্ৰযোজনাৰ বাবে সাজু হয়।’ বিচ্ছেদৰ পাছতো দুয়োৰে মাজত থকা এই সৌহাৰ্দপূৰ্ণ সম্পৰ্কক এতিয়া সকলোৱে একেমুখে শ’লাগ লোৱা পৰিলক্ষিত হৈছে।
স্মৰ্তব্য যে, ২০১০ চনত কিৰণে 'ধোবী ঘাট’ ছবিখন পৰিচালনা কৰিছিল। ছবিখনে বিপুল জনপ্ৰিয়তা লাভৰ লগতে সমালোচকৰ প্ৰশংসাও লাভ কৰিছিল। সেই ছবিখনৰো প্ৰযোজক আছিল আমিৰ খান। এটা দশকতকৈ অধিক সময়ৰ অন্তৰালত পুনৰ নতুন ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে কিৰণে। এইবাৰো ছবিখনৰ প্ৰযোজনাৰ বাবে আমিৰ খানকে বিচাৰিছে কিৰণে। উল্লেখ্য যে, ১৫বছৰীয়া যুগ্মজীৱনৰ ফাট মেলিলেও আমিৰ- কিৰণৰ মাজত থকা পেছাদাৰী সম্পৰ্কক যে কোনো উপসৰ্গই আহত কৰিব পৰা নাই সেয়া নিশ্চিত।
Leave A Comment