আঞ্চলিক
নতুন দিল্লীঃ ছবিগৃহ খোলাৰ লগে লগে এক চিনাকি ৰূপত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। প্ৰত্যাশা অনুসৰিয়েই 'সূৰ্যবংশী' চাবলৈ হেতা-ওপৰা লাগিছে চলচিত্ৰ প্ৰেমীৰ। প্ৰতিটো শ্ব’তে হৈছে হাউছফুল। আহ্লাদিত অক্ষয়-কেটৰিনা। অক্ষয়-কেটৰিনা অভিনীত এই ছবিখন ৫ নৱেম্বৰত মুক্তি পাইছিল। কেবল মাত্ৰ ৫ দিনতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে 'সূৰ্যবংশী'-এ। ৫টা দিনতে ১০০ কোটিৰ ঘৰ চুলেহি 'সূৰ্যবংশী'-এ। এই ছবিখনৰ জৰিয়তে অক্ষয় কুমাৰে বক্স অফিছত তেওঁৰ ১৫সংখ্যক শতক অৰ্জন কৰি ছলমান খানৰে দিছে টক্কৰ। সৰ্বাধিক উপাৰ্জনকাৰী চলচিত্ৰৰ ভিতৰত অক্ষয় আৰু ছলমানে হৈ পৰিছে সৰ্বেসৰ্বা। ছলমানৰ আগন্তুক ছবিখনেও সাফল্যৰ হাঁহি মাৰিব বুলি অনুৰাগীয়ে আশা কৰিছে।
‘সূৰ্যবংশী’ ছবিৰ জৰিয়তে দ্ৰুত বেগে ১০০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে অক্ষয় কুমাৰে।এয়া তেওঁৰ অভিনয় জীৱনৰ অভিলেখ। প্ৰথম পাঁচটা দিনত ছবিখনে যথেষ্ট ভাল ব্যৱসায় কৰিছে। ২০১৯চন, পৰিস্থিতি যেতিয়া সম্পূৰ্ণ স্বাভাৱিক আছিল, যিটো সময়ত ক’ৰ’নাৰ কোনো নাম গোন্ধেই নাছিল। তেতিয়াই অক্ষয়ে প্ৰকৃত খেল দেখুৱাইছিল। ‘হাউছফু-৪’; ‘গুড নিউজ’; ‘মিছন মংগল’ৰ দৰে চলচ্চিত্ৰৰ টাৰ্ণ অ'ভাৰ আছিল ২০০ কোটি টকা। একেটা বছৰতে, ‘কেশৰী’ ছবিখনে ১৫০ কোটিৰ ক্লাৱত উপনীত হৈছিল। সেইবাবে ২০১৯ বৰ্ষটো অক্ষয়ৰ কেৰিয়াৰৰ অন্যতম উল্লেখনীয় বৰ্ষ হিচাপে পৰিগণিত হৈ আহিছে।চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ মতে, ‘সূৰ্যবংশী’-এ অতি শীঘ্ৰেই ‘কেশৰী’ৰ অভিলেখ ভংগ কৰিব। ব্যৱসায়িক দিশৰ পৰা অক্ষয়ৰ শীৰ্ষ ৫ খন চলচ্চিত্ৰৰ ভিতৰত ‘সূৰ্যবংশী’ৰ নামো অন্তৰ্ভুক্ত হোৱাৰ দিশে।
Leave A Comment