আঞ্চলিক
ডিজিটেল ডেস্কঃ সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰিবলৈ অসমলৈ আহি আছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়াল। জুবিন নটিয়াল সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী। বলীউডক তেওঁ উপহাৰ দিছে বহু হিট হিট গান। অহা ১৯ নৱেম্বৰৰ পৰা ডিমা হাচাও জিলাৰ উমৰাংছুত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ফালকন ফেষ্টিভেল। ফালকন ফেষ্টিভেল হৈছে এক বাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালে। ফালকন ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ কণ্ঠশিল্পী জুবিন।
উল্লেখ্য যে এই ফেষ্টিভেলৰ মুখ্য উদ্দেশ্য হৈছে আটাইতকৈ দীঘলীয়া ভ্ৰমণকাৰী পৰিভ্ৰমী চৰাই আমুৰ ফালকনৰ বিষয়ে জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰা। এই পক্ষীবিধ প্ৰতিবছৰে অক্টোবৰৰ শেষ সপ্তাহত বা নৱেম্বৰৰ প্ৰথম সপ্তাহত অসমলৈ আহে।বিশেষকৈ আহে ডিমা হাচাওলৈ। এই আলহী চৰাইবিধক বহুতে খাদ্য বা খেল আৰু ধেমালিৰ বাবে হত্যা কৰে।
আৰু পঢ়কঃ বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
এয়াৰ গান বা বাটলু গুটি ব্যৱহাৰ কৰি ফালকন চৰাইক হত্যা কৰে কিছুমান অবিবেচক লোকে। কিন্তু বিভিন্ন বেচৰকাৰী সংগঠন আৰু বন বিভাগৰ অত্যন্ত প্ৰচেষ্টাত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰি পক্ষী হত্যা ৰোধ কৰা হৈছে।
ফালকন চৰাই যাতে কেতিয়াও কোনো কাৰণত হত্যাৰ বলি নহয় তাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ এই ফেষ্টিভেল অনুষ্ঠিত কৰি আহিছে ফালকন ফেষ্টিভেল উদযাপন সমিতিয়ে।
Leave A Comment