• সহস্ৰ অনুৰাগীৰ অশ্ৰুবৰ্ষণ মাজেৰে, ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় ‘পাৱাৰ ষ্টাৰ’ পুনীতক

    মনোৰঞ্জন
    সহস্ৰ অনুৰাগীৰ অশ্ৰুবৰ্ষণ মাজেৰে, ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় ‘পাৱাৰ ষ্টাৰ’ পুনীতক

    ডিজিটেল ডেস্ক : পঞ্চভূতত বিলীন হ’ল ছুপাৰষ্টাৰ পুনীত ৰাজকুমাৰ। দেওবাৰে পুৱাই বেংগালুৰুৰ শ্ৰী কাণ্টীৰাৱা ষ্টুডিঅ’ত তাৰকাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হ’ল শেষকৃত্য। পুনীতক হাজাৰ হাজাৰ অনুৰাগীয়ে অশ্ৰুসিক্ত নয়নেৰে জনালে শেষ বিদায়।শেষকৃত্যত উপস্থিত আছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই, প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা তথা আন কেইবগৰাকীও মন্ত্ৰী।





    প্ৰতিভাৰ অম্লান সুবাস বিলাই গুচি গ'ল পুনীত




    উপস্থিত আছিল তাৰকা চিৰঞ্জীৱী, ভেংকটেশ ডাগ্গুৱাতী, শ্ৰীকান্ত আদিও।২৯ অক্টোবৰত মাত্ৰ ৪৬বছৰ বয়সকে আকস্মিক মৃত্যু হৈছিল পুনীত ৰাজকুমাৰৰ। ‘পাৱাৰ ষ্টাৰ’ পুনীতৰ অনুৰাগীৰ ভিৰে বেংগালুৰুৰ সৃষ্টি কৰিছে অভূতপূৰ্ব পৰিস্থিতিৰ। প্ৰিয় তাৰকা পুনীতক শেষবাৰৰ বাবে স্বচক্ষে চোৱাৰ বাবে উত্ৰাৱল হৈ পৰিছিল সকলো।





    আৰু পঢ়কঃ বাইকেৰে গৈ আছিল যুৱক,হঠাৎ বুকুৰ মাজেৰে সৰকি গ’ল ৪০ ফুট দীঘল দুডাল লোহাৰ ৰড!





    প্ৰিয় শিল্পীক হেৰুৱাই শোকস্তব্ধ অনুৰাগীসকল




    এতিয়া তেওঁৰ কায়িক উপস্থিতি শূন্য হৈ পৰিল দেশৰ সাংস্কৃতিক জগতত।ৰৈ গ’ল অতুলনীয় কৰ্ম আৰু কৃতিত্বৰ অম্লান সুবাস।কিংবদন্তী অভিনেতা ডঃ ৰাজকুমাৰৰ সুযোগ্য পুত্ৰ আছিল পুনীত।





    ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় পুনীত ৰাজকুমাৰক




    মুখ্যমন্ত্ৰী বোম্মাইৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনায় ছুপাৰষ্টাৰ পুনীতক।