• ৭০০ বছৰ পুৰণি বাৰৱাৰ দুৰ্গত বিবাহ সম্পন্ন হ'ব বিকি-কেটৰীণাৰ

    মনোৰঞ্জন
    ৭০০ বছৰ পুৰণি বাৰৱাৰ দুৰ্গত বিবাহ সম্পন্ন হ'ব বিকি-কেটৰীণাৰ

    ডিজিটেল ডেস্ক : অভিনেতা বিকী কৌশল আৰু অভিনেত্রী কেটৰিনা কাঈফৰ বিবাহক লৈ এতিয়া সর্বত্র চর্চা চলি আছে। ডিচেম্বৰৰ ৭ ৰ পৰা ৯ তাৰিখলৈ ৰাজস্থানৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি 'বাৰৱাৰ' নামৰ দুৰ্গত এই বিবাহ সম্পন্ন হ’ব।





    বিবাহৰ বাবে প্ৰস্তুতি চলি থকাৰ মাজতে সুৰক্ষাৰ দিশটোও চোৱা-চিতা কৰিবলৈ জয়পুৰত থকা এম এছ ছিকিউৰিটিজক দায়িত্ব দিয়া হৈছে। বলীউড অভিনেতা আমিৰ খান, সঞ্জয় দত্ত, অর্জুন ৰামপাল, টাইগাৰ শ্ৰফ, আলিয়া ভাট, ঋতেশ দেশমুখ, ফাৰাহ খান আদিৰ দৰে বলিউডৰ কলা-কুশলীৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰা সংস্থাটোক এই বিবাহৰ বাবে ১৫ লাখ টকাত বন্দৱস্ত কৰা হৈছে।





    এই ৩ দিনত সংস্থাটোৰ ডেৰশ গার্ডে পহৰা দিব। এই গার্ডসকলৰ ভিতৰত মহিলা বডিগার্ড, পুৰুষ বডিগার্ডৰ উপৰি যান-বাহনৰ নিয়ন্ত্ৰক তথা চেলিব্রিটিসকলৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰক্ষাৰ দায়িত্বত থকা লোকো আছে বুলি জানিব পৰা গৈছে।