• ৭৫০কোটিৰে ‘ৰামায়ণ’; ৰণবীৰ-হৃত্বিক পাৰিশ্ৰমিক কিমান জানিলে চকু কপালত উঠিব আপোনাৰ

    মনোৰঞ্জন
    ৭৫০কোটিৰে ‘ৰামায়ণ’; ৰণবীৰ-হৃত্বিক পাৰিশ্ৰমিক কিমান জানিলে চকু কপালত উঠিব আপোনাৰ

    মুছফিক হুছেইনঃ ৮০ৰ দশকৰ শিশুৰপৰা বৰ্তমানৰ প্ৰজন্মলৈকে আমি সকলোৱে ৰামায়ণ ৰ কাহিনীৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছোঁ৷ ৰামায়ণৰ কাহিনীভাগ আমি টিভি চিৰিয়েলৰ জৰিয়তে দেখিছো যদিও এইবাৰ আমি ইয়াৰ এক বলীউড সংস্কৰণ দেখিবলৈ পাম৷





    বলীউডৰ খ্যাতিসম্পন্ন পৰিচালক নিতেশ তিৱাৰীয়ে ছবিখন পৰিচালনা কৰিবলৈ সাজু হৈছে৷ ছবিখন ৩ডি আকাৰত দৃশ্যগ্ৰহণ কৰা হ’ব আৰু প্ৰযোজনা কৰিব মধু মন্তেনাই৷ খবৰ অনুসৰি, বলীউডৰ মহা তাৰকা হৃত্বিক ৰোশন আৰু ৰণবীৰ কাপুৰক ৰামায়ণৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে আৰু প্ৰতিজনৰ পাৰিশ্ৰমিক হ’ব ৭৫ কোটি টকা৷ তাৰকা দুজনৰ বৃহ९ পৰিমাণৰ পাৰিশ্ৰমিকৰ বিষয়ে খবৰ ওলোৱাৰ পাছতে এতিয়া বলীউডত এই বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চিত হৈছে৷ ৰামায়ণত অভিনেতা হৃত্বিক ৰোশনক ৰাৱণৰ চৰিত্ৰত আৰু ৰণবীৰ কাপুৰক ৰামৰ চৰিত্ৰত দেখা পোৱা যাব।





    অৱশ্যে, পৰিচালকে এতিয়ালৈকে সীতাৰ চৰিত্ৰত কোনে অভিনয় কৰিব এতিয়াও নাম চূড়ান্ত কৰা নাই৷ ছবিখনৰ প্ৰযোজক মধু মন্তেনাই সংবাদ মাধ্যমৰ আগত কয় যে, ‘ৰামায়ণ ছবিখনক আমি পৰম্পৰাগতভাৱে চলি অহা কাহিনীৰে বৰ্ণনা কৰিম মাথোঁ, ইয়াৰ উপস্থাপন শৈলী কিছু আধুনিকীকৰণ কৰা হ’ব, ছবিখনত অত্যাধুনিক ছাউণ্ড প্ৰযুক্তি ব্যৱহাৰ কৰি দৃশ্যগ্ৰহণ কৰা হ’ব, যাতে দৰ্শকে ৰামায়ণক নতুন ৰূপত চাব পাৰে৷ ছবিখনৰ বাজেটৰ প্ৰসংগত প্ৰযোজকে ক’য় যে, ৰামায়ণ বলীউডৰ এখন বিগ বাজেটৰ ছবি আৰু চিনেমাখনৰ বাবে প্ৰায় ৭৫০ কোটি টকা ব্যায় হ’ব৷ উল্লেখ্য যে, বিগত দুবছৰে ক’ভিড মহামাৰীয়ে চলচ্চিত্ৰ উদ্যেগটোক বেয়াকৈ ক্ষতিগস্ত কৰাৰ পাছত এইবাৰ ৰামায়ণক নতুত ৰূপত চাবলৈ চলচ্চিত্ৰ প্ৰেমীসকল উৎসুক হৈ পৰিছে।