comScore
  • ৭৯বছৰ বয়সতো অমিতাভৰ ভয়ংকৰ ষ্টাণ্ট; প্ৰমাণ কৰি দিলে, ‘বয়স মাথো এটি সংখ্যা’

    মনোৰঞ্জন
    ৭৯বছৰ বয়সতো অমিতাভৰ ভয়ংকৰ ষ্টাণ্ট; প্ৰমাণ কৰি দিলে, ‘বয়স মাথো এটি সংখ্যা’
    ডিজিটেল ডেস্কঃ বয়স বাঢ়ি্লেও বাঢ়ক, মনটোহে আচল ধন। ৭৯ বছৰ বয়সতো বলীউডৰ 'শ্বেহেনশ্বাহ'ৰ অপাৰ মহিমাত বিস্ময়াভিভূত অনুৰাগী। অমিতাভ বচ্চনে নিজেই তাৰ প্ৰমাণ কৰিছে শেহতীয়াকৈ। যৌৱনৰ কালছোৱাত এখন পাছত সিখন ছবিত ষ্টাণ্ট মেন নোহোৱাকৈয়ে একশ্যন ছবিত অভিনয় কৰিছিল বলীউডৰ এংগ্ৰী ইয়ং মেনে। প্ৰৱল প্ৰত্যাহ্বানপূৰ্ণ ছবিতো অভিনয় কৰাৰ কি দুৰ্বাৰ হেঁপাহ অমিতাভৰ। তেনে কৰিবলৈ যাওঁতেই ‘কুলী’ ছবিত দুৰ্ঘটনাৰ মুখামুখী হৈছিল ‘বিগ বি’। ’৮০ দশকৰ এই ঘটনাত মৃত্যৰ দুৱাৰদলিৰ পৰা ভাগ্যে উভতি অহাৰ পাছতো ৰাখিব পৰা নাই অমিতাভক। স্বেচ্ছাই অভিনয় কৰি গৈছে একশ্যন দৃশ্যসমূহত।

    এই বৃদ্ধাৱস্থাতো ব্যতিক্ৰম নহয় শ্বেহেনশ্বাহ। সম্প্ৰতি, এটি বিজ্ঞাপনৰ একশ্যন দৃশ্যত ব’ডি ডাবল কৰিবলৈ অসন্তুষ্টি প্ৰকাশ কৰে ৭৯বছৰীয়া অমিতাভে। এখন, দুখন নহয় তিনিখন কাঁচৰ পেনেল ঘুঁচিয়াই ভাঙি পেলাইছে নিজে। যেন ১৬বছৰীয়া অমিতাভহে। অৱশ্যে, অমিতাভৰ এনে কাৰ্যত বিস্মিত তথা মুগ্ধ পৰিচালকসহ বিজ্ঞাপনৰ গোটেই ইউনিট। একাংশই মন্তব্য কৰিছে যে, অমিতাভে ‘দিৱাৰ’ কিম্বা ‘জঞ্জীৰ’ ছবিৰ ৰাগী নায়কক মনত পেলাই দিছে নিমিষতে।

    একশ্যন ডিৰেক্টৰ মনোহৰ বৰ্মাই কয়, ‘আমি শ্বুটিঙৰ সময়ত বলি ডাবলৰ ব্যৱস্থা ৰাখিছিলো। কিন্তু বচ্চনজীয়ে ছেটলৈ আহি পৰিচালকক কয়, এই দৃশ্যতো তেওঁ নিজেই কৰিব বিচাৰে বুলি। তেওঁৰ কাৰ্যই আমাক আচৰিত কৰি তুলিলে। তেওঁ পুনৰ প্ৰমাণ কৰি দিলে যে, বয়স কেৱল মাথো এটি সংখ্যা।’