Entertainment
Digital Desk: Pop icon Britney Spears has provided an update after removing her $7.4 million mansion in Thousand Oaks due to the devastating wildfires raging across Los Angeles. The singer took to Instagram to share her
নতুন দিল্লীঃ বিয়া বিয়া লাগিছে বলীউডত| বিকী-কেটৰ বিয়াৰ পাছতে এইবাৰ কিংবদন্তী সংগীতশিল্পী এ আৰ ৰহমানৰ জ্যেষ্ঠ কন্যাৰ বিয়াৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ২৯ ডিচেম্বৰত এ আৰ ৰহমানৰ জ্যেষ্ঠ কন্যা ২৩ বছৰীয়া খাদিজা ৰহমানৰ সৈতে ৰিয়াছদীন শ্বেখ মহম্মদৰ আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈ গৈছে।
জানিবলৈ পোৱা মতে, অতিমাৰী কৰ’না ভাইৰাছৰ বাবে চেন্নাইত থকা পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলৰ সৈতে অনুষ্টুপীয়াকৈয়ে এ আৰ ৰহমানে জীয়ৰীৰ বিবাহৰ ব্যৱস্থা কৰিছে। আনকি বিবাহ অনুষ্ঠানতো ওচৰ চুবুৰীয়া মানুহখিনিহে উপস্থিত থাকিব বুলি জনাইছে প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীয়ে। বিশাল আয়োজনৰ কোনো উদ্দেশ্য নাই এ আৰ ৰহমানৰ। উল্লেখ্য যে, পিতৃৰ দৰে খাদিজাইয়ো সংগীত জগতত খোজ দিছে। ‘ৰোবো’ ছবিত মাৰামানিচি/পুথিয়া মণিধা নামৰ এটি গীতৰ যোগেদি সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল ৰহমান কন্যাই। গীতৰ সুৰ আছিল পিতৃ এ আৰ ৰহমানৰ। ছবিখনত অভিনয় কৰিছিল মেগাষ্টাৰ ৰজনীকান্তে। গীতটোত কন্ঠদান কৰাৰ সময়ত খাদিজাৰ বয়স আছিল ১৪ বছৰ। শেহতীয়াকৈ ৰহমান কন্যাৰ বিবাহৰ বাতৰিয়ে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে বলীউডত| অনুৰাগী মহলৰ পৰা আহিছে শুভেচ্ছাৰ বন্যা| বলীউডৰ বহু ৰথী-মহাৰথীয়ে ৰহমান কন্যাক জনাইছে শুভেচ্ছা| দিন কাল ভালে থাকিলে, কৰ'না মহামাৰীয়ে বিধি পথালি নিদিলে বলীউডে আম এখন বিয়া দেখিবলৈ পাব বুলিয়ে আশা কৰিছে সকলোৱে |
Leave A Comment