ডিজিটেল ডেস্কঃ
ভাৰতৰ দাক্ষিণাত্যৰ ছবি 'পুষ্পা-দ্য ৰাইজ'-এ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনৰ সংলাপ এতিয়া মানুহৰ মুখে মুখে। ছবিখনৰ সংগীতেও বিমুগ্ধ কৰি তুলিছে চলচ্চিত্ৰপ্ৰেমীক। এই জনপ্ৰিয়তাৰ বাবেই কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ছবিখনৰ আৰ্হিকে অনুকৰণ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সোমবাৰে কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই এটা পোষ্ট কৰিছিল। ধেমালিতে কৰা পোষ্টটোৱে দিছে এক গুৰুত্বপূৰ্ণ বাৰ্তা।
পোষ্টটোত ছবিখনৰ মূখ্য চৰিত্ৰ পুষ্পাক ফোন কৰি এইদৰে কোৱা হৈছে, ‘আপুনি ২০হাজাৰ টকাৰ লটাৰী জিকিছে, এতিয়া মোক আপোনাৰ অ’টিপি কওক।’ উত্তৰত পুষ্পাই কয়, ‘পুষ্পাৰ কথা কৈ মোক মূৰ্খ সজাব খুজিছে? এই মুহূৰ্ততে মই আপোনাৰ নম্বৰটো চাইবাৰ পিএছলৈ হোৱাটছএপ কৰি আছো।’
স্মৰ্তব্য যে, কলকাতা আৰক্ষীৰ ফেচবুক পেজৰ পৰা এইটো পোষ্ট কৰা হৈছিল। বেংক জালিয়াতি বা লটাৰী জালিয়াতিৰ দৰে হেছটেগো সংযোগ কৰি দিয়া হৈছে পোষ্টটোৰ সৈতে। ল’টাৰীৰ নামত ফোনযোগে কোনবাই অ’টিপি বিচাৰিলে কেতিয়াও প্ৰকাশ কৰিব যে নালাগে এই সতৰ্কবাণীয়েই সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে কলকাতাৰ চাইবাৰ অপৰাধ শাখাই।
সুকুমাৰৰ দ্বাৰা পৰিচালিত ছবিখনে ব্যৱসায়ীক দিশতো গঢ়িছে অনন্য অভিলেখ। ছবিখনৰ সঁহাৰিত উৎসাহিত ছবি নিৰ্মাতা। তেওঁলোকে এই একচন থ্ৰিলাৰ ধাৰাত ছবিখনৰ ব’ক্স-অফিছত উপাৰ্জনৰ বিষয়ে বিস্তৃত বিৱৰণ তুলি ধৰিছে। মুক্তিৰ দিনটোৰ পৰাই পুষ্পা ছবিখনে খলকনি তোলা দেখা গৈছে। ৰজনীকান্তৰ দৰে তাৰকাকো অতিক্ৰম কৰিছে আল্লু অৰ্জুনে। ছবিখনৰ দ্বিতীয় খণ্ডৰ দৃশ্যগ্ৰহণৰ কামো অতি শীঘ্ৰে আৰম্ভ হোৱাৰ কথা। অভিনেতা আল্লু অৰ্জুনে ছবিখনৰ দ্বিতীয় খণ্ডটো আৰু অধিক আকৰ্ষণীয় হ’ব বুলি সদৰী কৰিছে।
Leave A Comment