• ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ খিতাপ উদেষ্ণালৈ

    মনোৰঞ্জন
    ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ খিতাপ উদেষ্ণালৈ

    গুৱাহাটী : মডেলিং জগতত জিলিকিল অসম কন্যা৷ লক্ষ্ণৌত ড্রীমজ প্রডাকচন হাউছৰ দ্বাৰা আয়োজিত ‘মিষ্টাৰ, মিছ এণ্ড মিছেছ ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ত জিলিকিল গুৱাহাটীৰ উদেষ্ণা বৰা৷ এই সৌন্দর্য প্রতিযোগিতাত গুৱাহাটীৰ উদেষ্ণা বৰাই ‘মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেচনেল–২০২১’ খিতাপ লাভ কৰি গৌৰৱ কঢ়িয়াই আনে৷





    ভূপালৰ শ্রেয়া তালৱাৰ আৰু দিল্লীৰ নিশা গুলীয়াই ক্রমে প্রথম ৰানার্ছ আপ আৰু দ্বিতীয় ৰানার্ছ আপ ৰূপে বিবেচিত হয়৷ প্ৰতিযোগিতাত সমগ্ৰ দেশৰ পৰা ৪০ গৰাকী যুৱতীয়ে মিছ ছুপাৰ মডেল ইণ্টাৰনেশ্বনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।





    উল্লেখ্য যে সৌন্দর্য প্রতিযোগিতাৰ উপৰি অভিনয় জগততো সফলতা অৰ্জন কৰা উদেষ্ণা বৰাই গুৱাহাটীতে স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত মুম্বাইৰ কে চি কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা উদেষ্ণা বৰাই ৰোছন টানেজা স্কুল অৱ এক্টিঙত অভিনয়ৰ পাঠ্যক্রমত নামভর্তি কৰে৷