• ‘মেৰা মুল্ক; মেৰা দেশ...’ - হঠাৎ ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত অনু মালিক!

    মনোৰঞ্জন
    ‘মেৰা মুল্ক; মেৰা দেশ...’ - হঠাৎ  ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত অনু মালিক!

    মুম্বাইঃ চলিত ট'কিঅ’ অলিম্পিক-২০২০ত ইজৰাইলে পোনপ্ৰথমবাৰৰ বাবে আৰ্টিষ্টিক জিম্নাষ্টিকছত সোণৰ পদক লাভ কৰাৰ লগে লগে ভাৰতৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত ট্ৰেণ্ডিং টপিক হৈ পৰে বলীউডৰ বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী অনু মালিক।





    ইজৰাইলী জিম্নাষ্ট আৰ্টেম ডলগোপ্যাটে আৰ্টিষ্টিক জিম্নাষ্টিকছত সোণৰ পদক অৰ্জন কৰাৰ পাছত মেডেল প্ৰদান অনুষ্ঠানত ৰীতি অনুসৰি ইজৰাইলী ৰাষ্ট্ৰীয় সংগীত বাজি উঠে। ইয়াৰ পাছতেই ভাৰতীয় ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত ট্ৰেণ্ডিং হৈ পৰে অন্য এক বিষয়।





    ভাৰতীয় সংগীত পৰিচালক অনু মালিকে সংগীত পৰিচালনা কৰা ১৯৯৬ চনৰ অন্যতম হিট ছবি ‘দিলজলে’ৰ ‘মেৰা মুল্ক; মেৰা দেশ…’ শীৰ্ষক গীতটি আজিও ভাৰতীয়ৰ হৃদয়ত চিৰসেউজ। কিন্তু, শেহতীয়াকৈ এক আমোদজনক কথা পোহৰলৈ আহে যে, অনু মালিকে সেই বিখ্যাত গীতটো ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীত ‘হাটিকৱা’ৰ পৰা নকল কৰা। ইতিমধ্যে বহুসংখ্যক ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰীয়ে ট্ৰ’ল আৰু মিমেৰে ওপচাই পেলাইছে। আনকি, এখন দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ নকল কৰাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে ৰাষ্ট্ৰীয় বঁটা তথা ফিল্মফেয়াৰ বঁটাপ্ৰাপক সংগীত পৰিচালকগৰাকী।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor