ডিজিটেল ডেস্কঃ প্ৰযুক্তি জগতৰ এক নতুন খবৰ। ভাৰতলৈ ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা আনিবলৈ ইলন মাস্কৰ স্পেচএক্সে মঙলবাৰে ভাৰতী এয়াৰটেলৰ সৈতে চুক্তিবদ্ধ হৈছিল।
তাৰ ঠিক এদিন পাছতেই অৰ্থাৎ বুধবাৰে মুকেশ আম্বানীৰ নেতৃত্বাধীন জিঅ' প্লেটফৰ্মৰ সৈতেও চুক্তিবদ্ধ হয় স্পেচএক্স।
এই চুক্তিৰ জৰিয়তে স্পেচএক্স-এ ভাৰতত ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা এয়াৰটেল আৰু জিঅ'ৰ যোগেদি প্রদান কৰিব।
জিঅ' প্লেটফর্মে ইয়াৰ খুচুৰা ষ্ট'ৰ আৰু অনলাইন প্লেটফৰ্মসমূহৰ জৰিয়তে ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ ব্যৱস্থা কৰিব।
উৎস- দৈনিক জনমভূমি
Leave A Comment