ডিজিটেল ডেস্কঃ দেওবাৰে নিৰাপত্তাৰক্ষীৰ আৱেষ্টনিৰ মাজত নিশা এখন ৰেষ্টুৰেণ্টত উপস্থিত হয় ছলমান। ছলমানৰ পিন্ধনত ক’লা কাপোৰ। কিন্তু সকলোৰে চকু পৰিল তেওঁৰ চুটি চুলিখিনিলৈ৷ জল্পনা-কল্পনা আৰম্ভ হৈছে স্বাভাৱিকতে! ছালমানে কিয় এনেকৈ চুলিখিনি কাটিলে?
ছলমানক শেষবাৰৰ বাবে ২০০৩ চনৰ ‘তেৰে নাম’ ছবিত এনেদৰে দেখা গৈছিল। ৰাধে কেনেকৈ শেষত নিৰ্ঝাৰক উন্মাদ প্ৰেমত পৰে তাৰ কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত। ছলমানে ছবিখনত এজন মানসিক ৰোগীৰ চৰিত্ৰক সজীৱ কৰি তুলিলে। এটা সময়ত ছলমানৰ ছবি অহৰহ ফ্লপ হৈ আছিল। তাৰ পিছত এই ছবিখনেৰে ছলমানে ঘূৰি আহিল। গতিকে অভিনেতাজনৰ এই নতুন ৰূপটো দেখি বহুতে কৌতুহলী যে ভাইজানে ‘তেৰে নাম ২’ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে নেকি?
যদিও এই বিষয়ত ছলমানে একো কোৱা নাই। এই মুহূৰ্তত তেওঁ কোনো বিশেষ ছবিৰ শ্বুটিং কৰা নাই। তেওঁ মাত্ৰ ‘টাইগাৰ ৩’ৰ শ্বুটিং শেষ কৰি আছে। ছেপ্টেম্বৰ মাহত মুক্তি পাব ছবিখন।
Leave A Comment