ডিজিটেল ডেস্কঃ চনু ছুদ এজন অভিনেতা। সামাজিকভাৱে অত্যন্ত দায়বদ্ধ এইগৰাকী অভিনেতা। মহামাৰী আৰু লকডাউনৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে তেওঁ কৰা কামৰ কথা সকলোৱে দেখিছে। কঠিন সময়ত সামাজিক দায়িত্ব পালনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে চনুৱে। তেতিয়াৰ পৰাই তেওঁক ‘মচীহা’ বুলি কোৱা হৈ আহিছে।
শেহতীয়াকৈ জয়পুৰৰ এখন ফাষ্ট ফুড চেণ্টাৰত দেখা গ’ল অভিনেতাজনক। দোকানখনৰ নাম ‘চনু ছুদ ফাষ্ট ফুড কৰ্ণাৰ’। মহামাৰী আৰু লকডাউনৰ সময়ত চনুৱে হাজাৰ হাজাৰ লোকক ঘৰলৈ উভতি আহি উপাৰ্জন কৰাত সহায় কৰিছিল। তাৰে এজন হৈছে জয়পুৰৰ বলৰাজ। অভিনেতাগৰাকীৰ সহযোগত বলৰাজে এখন ফাষ্ট ফুডৰ দোকান খুলিছিল। অভিনেতাগৰাকীৰ প্ৰতি কৃতজ্ঞতাৰ বাবেই দোকানখনৰ নাম ‘চনু ছুদ ফাষ্ট ফুড কৰ্ণাৰ’ ৰখা হৈছিল।
ছ’চিয়েল মিডিয়াৰ সহায়ত এই খবৰ চনুৰ ওচৰ পালেগৈ। তেওঁ প্ৰতিশ্ৰুতি দিলে যে এদিন নিশ্চয় সেই দোকানখনলৈ যাব। সেই অনুসৰি শনিবাৰে চনু বলৰাজৰ দোকানলৈ গ’ল। তালৈ গৈ নিজৰ নামৰ দোকানখন চাই অলপ আৱেগিক হৈ পৰিল অভিনেতাগৰাকী। লগতে তেওঁ ছ’চিয়েল মিডিয়াত দোকান আৰু দোকানৰ মালিক বলৰাজৰ ছবিও পোষ্ট কৰে।
ইনষ্টাগ্ৰামত চনুৱে লিখিছে- ''২ বছৰৰ পাছত এই দোকানখনলৈ অহাটো মোৰ সৌভাগ্য। আশা কৰোঁ বলৰাজজীয়ে অতি সোনকালে এখন পাঁচ তাৰকাযুক্ত হোটেল মুকলি কৰিব।''
স্বাভাৱিকতে তেওঁৰ অনুৰাগীসকলেও এজন মানুহ হিচাপে অভিনেতাজনৰ এই উদাৰ মনোভাৱ দেখি আনন্দিত হয়।
Leave A Comment