ডিজিটেল ডেস্কঃ' আদিপুৰুষ' ছবি খন মুক্তিৰ পিছত অনুৰাগীসকলে ছ'চিয়েল মিডিয়াত ছবিখনৰ বিষয়ে নানান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে৷ ছবি খনে বক্স অফিচ হিট কৰিছে যদিও ছবি খনৰ সংলাপকলৈ যেন বহুতে সুখী হ’ব পৰা নাই৷ বহুতে ছবিখনৰ সংলাপক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত ' আদিপুৰুষ''-এ ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে। ওম ৰাউতে পৰিচালনা কৰা ছবি খনক আধুনিক সময়ৰ ৰামায়ণ বুলি কোৱা হৈছে। চলচ্চিত্ৰখন মুক্তি পোৱাৰ লগে লগে ছবি খনকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰভাসৰ অভিনয় খুব ভাল পাইছে, আনহাতে কিছুমানে ছবিখনৰ ভিএফএক্স আৰু সংলাপ পছন্দ কৰা নাই৷
সেয়ে ছ'চিয়েল মিডিয়াত বহুতে ছবিখনৰ সংলাপকলৈ সমালোচনা কৰিছে। মানুহে আশা কৰিছিল যে ৰামায়ণৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰখনত শালীন ভাষা ব্যৱহাৰ কৰা হ’ব, কিন্তু তাৰ বিপৰীতে ছবিখনত'কপড়া তেৰে বাপ কা, আগ তেৰে বাপ কা, তেল তেৰে বাপ কা, জলেগী ভি তেৰে বাপ কা...', 'তেৰি বুৱা কা গাৰ্ডেন হে য়া জয়া খানা’ ৰ দৰে সংলাপসমূহ বহুতে ভাল পোৱা নাই৷
এনে ভাষা প্ৰয়োগৰ বাবেই বহুতে ছ'চিয়েল মিডিয়াত ছবিখন ট্ৰ'ল কৰা আৰম্ভ কৰিছে।বহুতে ছবি খনক আধুনিক ৰামায়ণ হিচাবে মানি ল’ব বিচৰা নাই। বহুতৰ মতে ছবি খনক ৰামানন্দ সাগৰৰ ৰামায়ণৰ সৈতে তুলনা কৰিব নোৱাৰি।
Leave A Comment