• অনন্ত আম্বানীৰ প্ৰি-ৱেডিঙত ছলমান-ধোনীৰ আলাপ ; কাষতে থকা কোন চেলিব্ৰিটিক গুৰুত্ব নিদিলে ভাইজানে

    মনোৰঞ্জন
    অনন্ত আম্বানীৰ প্ৰি-ৱেডিঙত ছলমান-ধোনীৰ আলাপ ;  কাষতে থকা কোন চেলিব্ৰিটিক গুৰুত্ব নিদিলে ভাইজানে
    ডিজিটেল ডেস্কঃ দেশত বৰ্তমান চৰ্চাত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক্‌-বৈবাহিক অনুষ্ঠান। ৩ দিনীয়া এই অনুষ্ঠানে সমগ্ৰ দেশজুৰি নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে। সমগ্ৰ বিশ্বৰ বহু তাৰকাক এই অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছিল। কেৱল শিল্পই নহয় ৰাজনীতি আৰু ক্ৰীড়া জগতৰ তাৰকাও এই কাৰ্যসূচীৰ অংশ হৈ পৰিল। এই অনুষ্ঠানৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ই বৰ্তমান চৰ্চা লাভ কৰিছে য’ত ছলমান খান আৰু মহেন্দ্ৰ সিং ধোনীক একেলগে দেখা গৈছে।
    ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে ছলমান খান আৰু এম এছ ধোনীয়ে ইজনে সিজনৰ লগত বাৰ্তালাপ কৰিছে। ইয়াৰ বাহিৰেও ভিডিঅ’টোত সুস্পষ্ট যে ৰণবীৰ সিঙো বাৰ্তালাপটোৰ অংশ হৈ পৰিছে। ইয়াৰ পাছত ছলমান খান আৰু এম এছ ধোনীৰ সৈতে ৰণবীৰে আলাপ কৰিছে। অনুষ্ঠানত দেহৰক্ষী শ্বেৰাৰ সৈতে আহি উপস্থিত হয় ছলমান খান। এই ভিডিঅ'টো ভাল চালে দেখিব পৰা যে অৰ্জুন কাপুৰো ধোনীৰ কাষত থিয় হৈ আছে।কিন্তু অৰ্জুন কাপুৰৰ সৈতে ছলমান খানৰ  সম্পৰ্ক ঠিক নহয়। এনে পৰিস্থিতিত সম্ভৱ যে অৰ্জুন কাপুৰৰ বাবেই ছলমান ধোনীৰ বেছি ওচৰলৈ যোৱা নাছিল আৰু আওকাণ কৰিছিল। আনহাতে অৰ্জুন কাপুৰেও ছলমানক লগ কৰিবলৈ আগবাঢ়ি নাহিল। এই সময়ছোৱাত অৰ্জুনক ধোনীৰ পত্নী সাক্ষীৰ সৈতে কথা পাতি থকা দেখা গ’ল।