ডিজিটেল ডেস্কঃ আমিৰ খানৰ লাভ লাইফ সদায়ে চৰ্চাৰ বিষয় হৈ আহিছে। কেতিয়াবা যদি প্ৰীতি জিণ্টাৰ সৈতে নাম সাঙোৰ খাইছে কেতিয়াবা আকৌ ফাতিমা ছানা শেখৰ সৈতে উঠিছে সম্পৰ্কৰ গুঞ্জন। কিন্তু আপুনি জানেনে যে, আমিৰ খানৰ বিৰুদ্ধে উঠিছিল এটা বিস্ফোৰক অভিযোগ। সাংবাদিকৰ সৈতে দিনৰ পাছত দিন ধৰি যৌন সম্ভোগৰ খবৰ ওলাইছিল। সাংবাদিকগৰাকীৰ সৈতে এটা পুত্ৰ সন্তানৰ পিতৃ হোৱা বুলিও খবৰ ওলাইছিল।আমিৰ-জেছিকাৰ এই সন্তানৰ নাম ৰখা হৈছিল জান। তাৰপাছত কি ঘটিছিল?
বলীউডৰ গুঞ্জন অনুসৰি, ব্ৰিটিছ সাংবাদিক জেছিকা হাইনসৰ সৈতে এসময়ত প্ৰেমৰ সম্পৰ্ক আছিল আমিৰৰ। তেওঁলোকে আনকি এসময়ত একেলগেও আছিল হেনো। শুনিবলৈ পোৱা মতে, এনে অৱস্থাত অন্তঃসত্ত্বা হৈ পৰিছিল জেছিকা।
জেছিকাৰ ঘনিষ্ঠ মহলে জনোৱা অনুসৰি, সেই সময়ত আমিৰ খানে হেনো সন্তান বিচৰা নাছিল। সম্পৰ্ক বজাই ৰাখিবলৈ হ’ল সন্তান নষ্ট কৰিব লাগিব বুলিও হেনো চৰ্ত ৰাখিছিল আমিৰ খানে।
কিন্তু সম্পৰ্কক জলাঞ্জলি দি জেছিকাই বিচাৰিছিল সন্তান।সন্তানৰ জন্ম হ’ল। নাম ৰাখিলে জান। সন্তানৰ জন্মৰ পাছতে আমিৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল জেছিকাই। গৰ্ভৱতী অৱস্থাত আমিৰে জেছিকৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নিজ সন্তানক মান্যতা দিয়াৰ পৰাও বিৰত আছিল হেনো আমিৰে। সকলো কথা কেৱল এক হনুবাৰ্তা বুলি উৰুৱায় দিছিল অভিনেতা আমিৰে।
কিন্তু ২০১৫ চনত নিজ সন্তানৰ প্ৰসংগত মুখ খুলিছিল জেছিকাই। দিছিল সন্তান ডাঙৰ হোৱাৰ বাৰ্তা। বিখ্যাত আলোচনী ‘ভোগ’তো এগৰাকী মডেল হিচাপে কাম কৰিছে জেছিকাই। জান আমিৰ-জেছিকাৰ লাভ চাইল্ড হয় নে নহয় এই কথা আজিও ৰহস্যৰ আৱৰ্তত। কিন্তু জানৰ মুখৰ আকাৰ, শাৰীৰিক গঠন যে আমিৰৰ সৈতে বহু খিনি মিল পোৱা বুলি সদৰী কৰিছে আমিৰ অনুৰাগীয়ে।
Leave A Comment