• জনপ্ৰিয় টিভি অভিনেত্ৰী ডলী সোহীৰ মৃত্যু! আগদিনা মৃত্যু হৈছিল ডলীৰ অভিনেত্ৰী ভগ্নী অমনদীপৰ

    মনোৰঞ্জন
    জনপ্ৰিয় টিভি অভিনেত্ৰী ডলী সোহীৰ মৃত্যু! আগদিনা মৃত্যু হৈছিল ডলীৰ অভিনেত্ৰী ভগ্নী অমনদীপৰ
    ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি অভিনেত্ৰী ডলী সোহীৰ মৃত্যু। ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত আছিল ৪৮ বছৰীয়া ডলী সোহী। আজি ৮ মাৰ্চৰ পুৱাতে ছাৰ্ভাইকেল কেন্সাৰৰ সৈতে যুঁজি মৃত্যু হয় ডলী সোহীৰ। 

    অতি দুখৰ বিষয় যে ৭ মাৰ্চ বৃহস্পতিবাৰে জণ্ডিচ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ডলীৰ ভগ্নী অমনদীপ সোহীৰ। অমনদীপো এগৰাকী অভিনেত্ৰী আছিল। মাত্ৰ এদিন অগা-পিছাকৈ এই পৃথিৱী এৰি গুচি গ’ল দুই বাই-ভনী।
    Dolly Sohi Death News: Dolly Sohi And Sister Amandeep Death: Both Sisters  Funeral Together | TV News, Times Now
    মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে দুয়োকে হেৰুৱাই পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে। 

    ডলী আৰু অমনদীপক নিউ মুম্বাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কালি অমনদীপৰ মৃত্যু হয় আৰু আজি ডলীৰ। 
    Photos Of Late Actresses Dolly Sohi & Amandeep Sohi, Who Passed Away Within  Hours Of Each Other's Death
    ডলীয়ে যোৱা বছৰ কেমোথেৰাপি লোৱাৰ পাছত এখন ফটো শ্বেয়াৰ কৰি লিখিছিল- “আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ, জীৱনটো শেহতীয়াকৈ ৰোলাৰ ক’ষ্টাৰ হৈ পৰিছে কিন্তু ইয়াৰ মাজেৰে যুঁজিবলৈ শক্তি থাকিলে আপোনাৰ যাত্ৰা সহজ হৈ পৰে। আপুনি যাত্ৰাৰ বলি হ’বলৈ বিচাৰিব নে যাত্ৰাৰ পৰা ৰক্ষা পোৱা ব্যক্তি হ’বলৈ বিচাৰিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে।”
    Jhanak fame Dolly Sohi passes away after battling cervical cancer | India  Forums
    ডলীয়ে ‘ঝানক’, ‘মেৰী আশিকী তুম ছে হি’ আৰু ‘খুব লাদি মৰ্দানী...ঝাঁচি কি ৰাণী’ আদিত অভিনয় কৰিছিল। মৃত্যুৰ সময়ত তেওঁ কিশোৰী কন্যাক এৰি থৈ গৈছে।

    ডলী আৰু অমনদীপৰ অকাল মৃ্ত্যুত অভিনয় জগতত শোকৰ ছাঁ পৰিছে।