• ''ৰণবীৰক মোৰ বৰ ভাল লাগে!’’- ভাৰতত বিজ্ঞাপনৰ শ্বুটিং কৰি এই মন্তব্য কৰিলে জনী চিনছে

    মনোৰঞ্জন
    ''ৰণবীৰক মোৰ বৰ ভাল লাগে!’’- ভাৰতত বিজ্ঞাপনৰ শ্বুটিং কৰি এই মন্তব্য কৰিলে জনী চিনছে
    ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে জনপ্ৰিয় তাৰকা জনী ছিন্স ভাৰতলৈ আহিছিল। অভিনেতা ৰণবীৰ সিঙৰ সৈতে বিজ্ঞাপনত কাম কৰিছিল। যৌন বৰ্ধক সামগ্ৰীৰ বিজ্ঞাপনত দেখা যায় এই দুয়োগৰাকী তাৰকাক। যোৱা কেইবছৰমানৰ পৰা সফলতা অৰ্জন কৰিছে ৰণবীৰে। দেশৰ সীমাৰ বাহিৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছে। তেওঁ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ এম্বেছাদৰ। জল্পনা-কল্পনা, তেওঁ অতি সোনকালে পিতৃ হ’বলৈ গৈ আছে। তাৰ আগতে জনীয়ে ৰণবীৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ কথা কৈছিল।

    এটা প’ডকাষ্ট সাক্ষাৎকাৰত তেওঁ ভাৰত ভ্ৰমণৰ পৰা ৰণবীৰক লগ পোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। জনীয়ে কয় যে তেওঁৰ ভাৰত ভ্ৰমণৰ বিষয়ে কোনেও বিশেষ একো নাজানিছিল। কাৰণ মেকাৰসকলে খবৰটো জনাজাত কৰিব বিচৰা নাছিল। কিন্তু ৰণবীৰ সিঙৰ সৈতে কাম কৰাৰ অভিজ্ঞতা বহুত ভাল লাগিল। 

    জনীৰ ভাষাত "ৰনবীৰ মোৰ বৰ ভাল লাগে। চেটত তেওঁৰ কাষত থাকিলে ভাল লাগে।'' জনীয়ে লগতে কয় যে ভাৰতত প্ৰথমবাৰৰ বাবে তেওঁ সকলোৰে পৰা মৰম পাইছিল। এই ভ্ৰমণত তেওঁলোকৰ সৈতে কথা পতা প্ৰতিজন ব্যক্তিয়ে মুকলি মনেৰে তেওঁলোকক আদৰণি জনায়।