• কিয় সিদ্ধাৰ্থ মালহোট্ৰাৰ স’তে বিয়াত বহিছিল কিয়াৰা আদৱানীয়ে? জনালে নায়িকাই

    মনোৰঞ্জন
    কিয় সিদ্ধাৰ্থ মালহোট্ৰাৰ স’তে বিয়াত বহিছিল কিয়াৰা আদৱানীয়ে? জনালে নায়িকাই
    ডিজিটেল ডেস্কঃ কিয়াৰা আদৱানী-সিদ্ধাৰ্থ মালহোত্ৰাই বিবাহ জীৱনৰ এবছৰ সম্পূৰ্ণ কৰিলে। যোৱা ৭ ফেব্ৰুৱাৰীত কিয়াৰা আৰু সিদ্ধাৰ্থৰ প্ৰথম বিবাহ বাৰ্ষিকী আছিল।  এবছৰৰ প্ৰেম আৰু বিবাহৰ অন্তত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ সিদ্ধাৰ্থক কিয় ভাল পায়।

    ‘শ্বেৰশ্বাহ’ ছবিখনত ছিদ-কিয়াৰাৰ অন স্ক্ৰীণ ৰোমাঞ্চে দৰ্শকক আচৰিত কৰি তুলিছিল। পৰ্দাৰ প্ৰেমেও বাস্তৱতা সৃষ্টি কৰে। সেই ছবিখনৰ শ্বুটিঙৰ সময়ত দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। সেই প্ৰেম যোৱা বছৰ সাফল্য লাভ কৰিছিল। কিয়াৰা-সিদ্ধাৰ্থৰ ৰাজকীয় বিবাহ হয় জয়ছলমেৰৰ সূৰ্য্যগড় প্ৰাসাদত। সেই বিবাহৰ বয়স এবছৰ। বিয়া বাৰ্ষিকীৰ পিছত কিয়াৰাই ক’লে যে তাই কিয় হৃদয়খন সিদ্ধাৰ্থক দিলে?

    কিয়াৰাৰ ভাষাত- ''সিদ্ধাৰ্থ মোৰ বাবে আটাইতকৈ আৰামদায়ক ঠাই। যেতিয়াই সিদ্ধাৰ্থৰ লগত থাকো তেতিয়াই মোৰ ঘৰত থকা যেন লাগে। মই ভাবো মই ঘনিষ্ঠ মানুহৰ লগত আছো। সিদ্ধাৰ্থক বাছি ল'বলৈ আৰু একোৰ প্ৰয়োজন নাছিল।''

    কিয়াৰাই কয়- ''সিদ্ধাৰ্থৰ প্ৰতি মোৰ বৰ বিশ্বাস আছে। ব্যক্তিগত জীৱনৰ লগতে পেছাদাৰী জীৱনতো সিদ্ধাৰ্থতকৈ বেছি বিশ্বাসযোগ্য কোনো যেন নালাগিল।''