• বলিউডৰ ছৱি চোৱা বাদ দিলে নাছিৰুদ্দিন শ্বাহে

    মনোৰঞ্জন
    বলিউডৰ ছৱি চোৱা বাদ দিলে নাছিৰুদ্দিন শ্বাহে
    ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ স্পষ্টবাদীতাৰ বাবে বলীউডত সুকীয়া সুনাম আছে।  তেওঁ কেতিয়াও নিজৰ মতামতৰ পৰা পিছুৱাই যোৱা নাই। শেহতীয়াকৈ ছবিৰ বিষয়ে কওঁতে তেওঁ কয় যে তেওঁ বলীউডৰ চিনেমাৰ প্ৰতি হতাশ। বৰঞ্চ তেওঁ ভাবে যে দক্ষিণৰ উদ্যোগটোৱে ভাল কাম কৰি আছে।

    নাছিৰুদ্দিনে কয়, ‘যোৱা ১০০ বছৰ ধৰি বলীউডত একেধৰণৰ ছবি নিৰ্মাণ হৈ আছে। ইমান বছৰৰ পাছতো বিশেষ পৰিৱৰ্তন হোৱা নাই। কাহিনীৰ একে শৈলী আৰু নিৰ্মাণৰ একে ধৰণৰ। ঠিক এই কাৰণেই মই হিন্দী ছবি চোৱা বন্ধ কৰি দিলোঁ।”

    প্ৰতি বছৰে বহু হিন্দী ছবি মুক্তি পায়। কিছুমানে ভাল ব্যৱসায়ো কৰে। এই প্ৰসংগত 'মাছুম' খ্যাতি অভিনাতাই কয়, "কিছুমান চিনেমা হিট হয় কাৰণ দৰ্শকে ইয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে। কিন্তু ব্যৱসায়িক সফলতাৰ অৰ্থ এইটো নহয় যে ছবিখন গুণগত মানৰ ফালৰ পৰা ভাল।”