comScore
  • মাতৃৰ মৃত্যুৰ পাছত তৃপ্তিৰে বিৰিয়ানী খাইছিল ৰাখী সাৱন্তে; অভিযোগ আনিলে পূৰ্ব স্বামীয়ে

    মনোৰঞ্জন
    মাতৃৰ মৃত্যুৰ পাছত তৃপ্তিৰে বিৰিয়ানী খাইছিল ৰাখী সাৱন্তে; অভিযোগ আনিলে পূৰ্ব স্বামীয়ে
    ডিজিটেল ডেস্কঃ ৰাখী সাৱন্ত,বলীউড জগতৰ এক অন্যতম বিতৰ্কিত নাম৷কিছু দিন পূৰ্বে ৰাখী সাৱন্তে প্ৰাক্তন স্বামী আদিল দুৰাণীক তেওঁৰ লগত অসৎ আচৰণ আৰু দু-ব্যৱহাৰ কৰাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰে। এতিয়া আদিল জেলৰ পৰা ওলাই আহিছে আৰু বিভিন্ন মিডিয়া পৰ্টেলত সাক্ষাৎকাৰ দি আছে। এই সময়ছোৱাত আদিলে ৰাখী সন্দৰ্ভত বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।

    বলীউড বাবলক দিয়া এক সাক্ষাৎকাৰত আদিল দুৰাণীয়ে ৰাখী সাৱন্তে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যিকোনো কাম কৰা বুলি দাবী কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ ৰাখীৰ মাতৃৰ মৃত্যু হৈছিল যদিও ৰাখীয়ে মাতৃৰ মৃতদেহ দেখা নাপালে।

    আদিলে ক'লে, 'যিদিনা ৰাখীৰ মাকৰ মৃত্যু হৈছিল, মই বুজিবলৈ ধৰিলোঁ যে তাই কিমান ভাগি পৰিছে কাৰণ তাই মাকৰ মৃত্যুৰ দিনা  বিৰিয়ানী,চিলি চিকেন,মাটন বিৰিয়ানী আৰু চিংৰা কাবাব খাই আছিল।

    আদিলে আৰু কয় যে যেতিয়া তেওঁ চিকিৎসালয়লৈ গৈছিল তেতিয়া তেওঁ খ্ৰীষ্টান ভাষাত শেষৰ ৰীতি-নীতি কেনেকৈ কৰিব লাগে নাজানিছিল।ৰাখীৰ প্ৰাক্তন স্বামীয়েও ৰাখীক মুছলমান ধৰ্মক ঠাট্টা কৰাৰ অভিযোগ উত্থাপন কৰে। আদিলে ক’লে যে তেওঁ কোনো নামাজ আগবঢ়োৱা নাছিল। ৰাখীয়ে কেৱল ভিডিঅ' বনাবলৈ নামাজ পঢ়াৰ অভিনয় কৰিছিল৷