• ২১ ফেব্ৰুৱাৰীত ৰাকুলপ্ৰীত-জেকিৰ বিয়াঃ বিয়াৰ কাৰ্ড প্ৰথমে কোনে পালে জানেনে?

    মনোৰঞ্জন
    ২১ ফেব্ৰুৱাৰীত  ৰাকুলপ্ৰীত-জেকিৰ বিয়াঃ  বিয়াৰ কাৰ্ড প্ৰথমে কোনে পালে জানেনে?
    ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰাকুল প্ৰীত সিং আৰু বলীউডৰ প্ৰযোজক জেকি ভাগনানীৰ বিয়া।  ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব তেওঁলোক। বিয়ালৈ মাজত বেছিদিন নাই। সেয়ে বিবাহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। বিয়াখন গোৱাত অনুষ্ঠিত হ'ব। ৰাকুল-জেকিৰ বিয়াৰ আয়োজন   অলপ বেলেগধৰণে  কৰা হৈছে। সকলো আয়োজনেই  পৰিৱেশ অনুকূলভাৱে কৰা হৈছে। বিয়াৰ পূৰ্বৰ উদযাপন ইতিমধ্যে  আৰম্ভ হৈছে। ৰাকুল আৰু জেকিৰ বিয়াৰ কাৰ্ডখন শেহতীয়াকৈ ৰাজহুৱা হৈছে। 

    ৰাকুল আৰু জেকিয়ে প্ৰথমে বিবাহৰ কাৰ্ড খন লৈ সিদ্ধিবিনায়ক মন্দিৰলৈ যায় । ৰাকুলে  গুলপীয়া চেলৱাৰ কামিজ পিন্ধিছিল, গুলপীয়া স্কার্ফৰ সৈতে। আনহাতে দৰাই পাঞ্জাৱী পিন্ধি আছিল। সিদ্ধিবিনায়কৰ আশীৰ্বাদ বিচাৰি দুয়ো বিবাহৰ কাৰ্ড লৈ প্ৰথমে মন্দিৰলৈ গৈছিল।


    তেওঁলোকৰ  কেইবা বছৰ ধৰি প্ৰেম চলি আছে। অৱশ্যে ৰাকুল  প্ৰীত বা জেকীয়ে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল।   তেওঁলোকে  ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে।২২  ফেব্ৰুৱাৰীত, মুম্বাইত বন্ধু আৰু চেলিব্ৰিটিসকলৰ বাবে এক অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰা হৈছে।  জেকি প্ৰযোজক বাশু ভাগনানীৰ পুত্ৰ। তেওঁলোকৰ প্ৰযোজনা প্ৰতিষ্ঠানটোৱে বহু হিট ছবি দৰ্শকক উপহাৰ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তেওঁলোকৰ বিয়াৰ  অতিথিৰ তালিকাত আছে।