comScore
  • আইনী মেৰপাকত বলীউড অভিনেত্ৰী জাৰীন খান; জাৰীনৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা

    মনোৰঞ্জন
    আইনী মেৰপাকত বলীউড অভিনেত্ৰী জাৰীন খান;  জাৰীনৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা
    ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী জাৰীন খান পুনৰ সোমাই পৰিছে বিতৰ্কত৷ খবৰ অনুসৰি কলকাতাৰ ছিয়ালদাহ আদালতে জাৰীন খানৰ নামত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।ঘটনা অনুসৰি আদালতত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা কোম্পানীয়ে অভিযোগ দাখিল কৰিছিল।


    ২০১৮ চনত ৬টা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ অভিযোগত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়। কলকাতা আৰু উত্তৰ ২৪ পৰগনাত ৬খন কালী পূজাৰ কাৰ্যসূচীত অংশ নোলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগ এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ হৈ নাৰকেলডাংগা থানাত দাখিল কৰা হৈছে। ইয়াৰ পাছতে নাৰকেলডাংগা আৰক্ষীয়ে ছিলদাহ আদালতত অভিযোগনামা দাখিল কৰে। বিষয়টো পোহৰলৈ অহাৰ পাছত এই বিষয়ত জাৰীন খানৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনো সঁহাৰি লাভ কৰা নগ’ল ।


    ২০১০ চনত ছলমান খানৰ সৈতে ‘বীৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল জাৰীন খানে। অভিনেত্ৰীগৰাকীয়েও ছবিখনৰ জৰিয়তে বহু খ্যাতি লাভ কৰিছিল। কিন্তু কিছু সময়ৰ পাছত অভিনেত্ৰীগৰাকীৰ কামৰ শলাগ লোৱাৰ পৰিৱৰ্তে দৰ্শকে অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে তেওঁৰ চেহেৰাৰ তুলনা কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পাছত ক্ৰমান্বয়ে এই উদ্যোগৰ পৰা নোহোৱা হৈ গ’ল অভিনেত্ৰীগৰাকী।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam online