ডিজিটেল ডেস্কঃ নগ্ন ফটোশ্বুট কৰি বিগত কিছুদিন ধৰি বলীউড অভিনেতা ৰণবীৰ সিঙে(Ranveer Singh) সংবাদ শিৰোনাম দখল কৰি আছে। শক্তিশালী অভিনয়ৰ উপৰিও ৰণবীৰ সিং তেওঁৰ আচৰিত ফেশ্বন চেন্সৰ বাবেও পৰিচিত। বহু সময়ত অভিনেতাজন অদ্ভূত ফেশ্বন চেন্সৰ বাবে ট্ৰ’লৰ সন্মুখীন হয় কিন্তু তেওঁ এই কথাক কোনোদিন গুৰুত্ব নিদিয়ে। শেহতীয়াকৈ ৰণবীৰৰ নগ্ন ফটোশ্বুট সন্দৰ্ভত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে।
কেৱল এয়াই নহয়, অভিনেতাগৰাকীৰ বিৰুদ্ধে বহু ৰাজ্যত এজাহাৰো ৰুজু হৈছে। আনহাতে ৰণবীৰৰ অনুৰাগী আৰু একাংশ চেলিব্ৰিটিয়ে এই ফটোশ্বুটক লৈ অভিনেতাজনক সমৰ্থন আগবঢ়াইছে। এই সময়তে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ এটা পুৰণি সাক্ষাৎকাৰ চৰ্চালৈ আহিছে, য’ত শ্বাহৰুখ খানে কৈছিল যে এদিন ৰণবীৰ সিঙক কাপোৰ নিপিন্ধাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ব।
কেইবছৰমান আগতে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ত শ্বাহৰুখ খানক(Shah Rukh Khan) সোধা হৈছিল যে যদি কেতিয়াবা ৰণবীৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে বুলি শুনে তেন্তে তেওঁৰ মনলৈ প্ৰথম কি কথা আহিব যিটোৰ বাবে ৰণবীৰক গ্ৰেপ্তাৰ কৰা হৈছে। এই প্ৰশ্ন শুনি শ্বাহৰুখ খানে হাঁহি হাঁহি ধেমালিতে কৈছিল ‘‘কাপোৰ পিন্ধা-নিপিন্ধাক লৈয়ে ৰণবীৰ সিং গ্ৰেপ্তাৰ হ’ব’’।
২০১৭ চনত শ্বাহৰুখ খানে এই কথা কৈছিল যেতিয়া তেওঁ আলিয়া ভাটৰ সৈতে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ অনুষ্ঠানলৈ আহিছিল। শ্বাহৰুখ খানে কেতিয়াও ভবা নাছিল যে তেওঁৰ এই কথা কেইবছৰমানৰ পাছত সঁচা হ’ব। ৰণবীৰক গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে বহু থানাত এজাহাৰ দাখিল হৈছে।
ৰণবীৰৰ নগ্ন ফটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত আলিয়া ভাট, অৰ্জুন কাপুৰ, স্বাৰা ভাস্কৰ, মিলিন্দ সোমনকে ধৰি বহু চেলিব্ৰিটিয়ে অভিনেতাজনক সমৰ্থন কৰিছে। আনহাতে ৰণবীৰ সিঙৰ ৱৰ্কফ্ৰণ্টৰ বিষয়ে কবলৈ গ'লে ৰণবীৰৰ ২ খন ছবি মুক্তিৰ বাবে সাজু হৈছে। ছবি দুখন হল ‘চাৰ্কাছ’ আৰু ‘ৰকী ঔৰ ৰাণী কী প্ৰেম কাহিনী’। ‘চাৰ্কাচ’ত তেওঁক পূজা হেগড়ে আৰু জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে দেখা যাব। এই ছবিখন পৰিচালনা কৰিছে ৰোহিত শ্বেট্টীয়ে। ‘ৰকী ঔৰ ৰাণী কী প্ৰেম কাহিনী’ৰ পৰিচালনা কৰিছে কৰণ জোহৰে আৰু এই ছবিখনত ৰণবীৰৰ সৈতে মূল চৰিত্ৰত আছে আলিয়া ভাট, ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শ্বাবানা আজমী।
Leave A Comment