• খান পৰিয়ালত আকৌ 'তালাক'! ২৪ বছৰীয়া বৈবাহিক সম্পৰ্কৰ অন্ত ছোহেইল খানৰ

    মনোৰঞ্জন
    খান পৰিয়ালত আকৌ 'তালাক'! ২৪ বছৰীয়া বৈবাহিক সম্পৰ্কৰ অন্ত ছোহেইল খানৰ
    ডিজিটেল ডেস্কঃ ছলমান খানৰ ভাতৃ আৰবাজ খানৰ পাছত এতিয়া খান পৰিয়ালত আন এক বিবাহ বিচ্ছেদ হ'বলৈ গৈ আছে। ছোহেইল খানেও (Sohail Khan) তেওঁৰ পত্নী সীমা খানৰ (Seema Khan) পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে আৰু দুয়োকে অলপতে বান্দ্ৰা আদালতত দেখা গৈছিল। য'ত দুয়ো আইনীভাৱে বিবাহ বিচ্ছেদৰ কাম আগবঢ়াই নিবৰ বাবে উপস্থিত হৈছিল। ছোহেইল আৰু সীমাৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি তিক্ত হৈ আছিল সেইবাবেই অৱশেষত দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয়।


    ছোহেইল আৰু সীমা ১৯৯৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা পুত্ৰ আছে-নিৰ্বাণ আৰু ইয়োহান। যোৱা কেইদিনমানৰ পৰা এক বাতৰি পোহৰলৈ আহিছিল যে সীমাই ছোহেইলৰ পৰা পৃথকে বাস কৰি আছে। কিন্তু কাৰো কোনো ধাৰণা নাছিল যে দুয়োৰে বিবাহ বিচ্ছেদ হ'ব। বিয়াৰ ইমান বছৰৰ পাছত হঠাতে বিবাহ বিচ্ছেদ হোৱা খবৰে সকলোকে আচৰিত কৰি তুলিছে। ছোহেইল খানৰ আগতে আৰবাজ খানেও তেওঁৰ পত্নী মালাইকা অৰোৰাক বিবাহ বিচ্ছেদ দিছিল। 

    আৰবাজ খান আৰু মালাইকা অৰোৰাই তেওঁলোকৰ ১৮ বছৰীয়া বৈবাহিক সম্পৰ্ক ভংগ কৰে আৰু নিজৰ নিজৰ পথেৰে আগবাঢ়ে। এতিয়া দেখা গৈছে যে ককায়েকৰ পথ অনুসৰণ কৰি ৫১ বছৰীয়া ছোহেইলেও তেওঁৰ বৈবাহিক সম্পৰ্কৰ অন্ত পেলাই নিজৰ বাবে এক বেলেগ পথ গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। ৪৫ বছৰীয়া সীমা খান পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ। 


    ছোহেইল খান আৰু সীমা সচদেৱৰ প্ৰেমকাহিনী এখন চলচ্চিত্ৰৰ দৰে। তেওঁলোক দুয়ো প্ৰথম দৰ্শনতে ইজনে সিজনৰ প্ৰেমত পৰিছিল। ছোহেইল মুছলিম আৰু সীমা হিন্দু হোৱাৰ বাবে তেওঁলোকৰ বিবাহত সমস্যা হৈছিল। সীমা ঘৰৰ পৰা পলাই গৈ ছোহেইললৈ গৈছিল আৰু আনকি এজন মৌলৱীকো বিয়াৰ বাবে অপহৰণ কৰা হৈছিল। প্ৰেমত ইমানখিনি উন্মাদনা থকাৰ পাছতো ২৪ বছৰৰ পাছত যেন এই প্ৰেমৰ ৰং ম্লান পৰিল যাৰবাবে তেওঁলোক দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয়। 




    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlinesv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.comsmkn4ptk.sch.idsmkn4ptk.sch.idsmkn4ptk.sch.iddesabanyusarigrabag.comgrindhausrestaurant.comsmkn4ptk.sch.idcasino onlineMahjong Slotzeus slotindojawa88sabung ayam online livezeus slot