ডিজিটেল ডেস্কঃ বলীউডত আকৌ বিয়াৰ মধু গুঞ্জন। অতি সোনকালে কইনাৰ সাজ পিন্ধিবলৈ গৈ আছে মোহময়ী অভিনেত্ৰী সোণাক্ষী সিনহা। দীৰ্ঘদিনীয়া প্ৰেমিক জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব সোণাক্ষী।
জাহিৰ ইকবালৰ সৈতে সোণাক্ষীয়ে দীৰ্ঘদিন ধৰি ডেটিং কৰি থকাৰ খবৰ সকলোৱে জানে। এতিয়া সেই সম্পৰ্ককে স্থায়ী কৰিবলৈ গৈ আছে সোণাক্ষী আৰু জাহিৰে।
অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে। অহা ২৩ জুনত মুম্বাইত জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হব সোণাক্ষী।
জানিব পৰা অনুসৰি এই বিয়াত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে সোনাক্ষী আৰু জাহিৰে কোনোদিনে তেওঁলোকৰ প্ৰেম গোপনে ৰখা নাছিল। ছ’চিয়েল মিডিয়াত দুয়ো প্ৰায়ে ফটো শ্বেয়াৰ কৰে। জানিব পৰা মতে ছলমান খানে এক পাৰ্টিৰ আয়োজন কৰিছিল য’ত সোণাক্ষী আৰু জাহিৰৰ চিনাকি হৈছিল। প্ৰথমে গঢ়ি উঠা বন্ধুত্ব পাছলৈ প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।
সোনাক্ষী আৰু জাহিৰে ডাবল এক্সএল নামৰ এখন ছবিতো একেলগে কাম কৰিছিল।
Leave A Comment