• ৰেষ্টুৰেণ্টত ছনু ছুদক দেখা মাত্ৰকে অচিনাক্ত অনুৰাগীয়ে পৰিশোধ কৰি গ’ল অভিনেতাগৰাকীৰ খাদ্যৰ বিল!

    মনোৰঞ্জন
    ৰেষ্টুৰেণ্টত ছনু ছুদক দেখা মাত্ৰকে অচিনাক্ত অনুৰাগীয়ে পৰিশোধ কৰি গ’ল অভিনেতাগৰাকীৰ খাদ্যৰ বিল!
    ডিজিটেল ডেস্কঃ মহামাৰীৰ সময়ত সমগ্ৰ দেশৰ মানুহৰ কাষত থিয় দিছিল চনু সুদ। লকডাউনৰ সময়ত দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক ঘৰলৈ উভতি যাবলৈ সহায় কৰাৰ বাবে পদক্ষেপৰ শলাগ লোৱা হৈছে। তেওঁ এতিয়া সাধাৰণ মানুহৰ বাবে ‘মচীহা’।

    শেহতীয়াকৈ সোনুৱে ৰেষ্টুৰেণ্ট এখনত খাবলৈ গৈছিল। বিল পৰিশোধ কৰিবলৈ গৈ আচৰিত হৈ পৰে। কোনোবাই তেওঁৰ হৈ বিল নিষ্পত্তি কৰিছে! এটা নোট লিখি থৈ যায় পৰিশোধ কৰোতাজনে। বাৰ্তাটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে সোণুৱে। ইয়াত লিখা আছে, "আপুনি আমাৰ দেশৰ বাবে কৰা সকলো ভাল কামৰ বাবে ধন্যবাদ।"

    কিন্তু সেই ব্যক্তিজনে নিজৰ পৰিচয় লুকুৱাই ৰাখিছে। সেয়ে সোণুৱে ইনষ্টাগ্ৰামত লিখিছে, ‘এই কাম কোনে কৰিলে মই নাজানো। মোৰ হৃদয় চুই গ'ল।'' একে সময়তে সোনুৱে ব্যক্তিজনক ধন্যবাদ দিবলৈ নাপাহৰিলে।