comScore
  • আণ্ডাৰৱৰ্ল্ডৰ মাফিয়াই ভাবুকি দিছিল শ্বাহৰুখ খানক! কি উত্তৰ দিছিল কিং খানে! সুঁৱৰিলে পৰিচালক সঞ্জয় গুপ্তাই

    মনোৰঞ্জন
    আণ্ডাৰৱৰ্ল্ডৰ মাফিয়াই ভাবুকি দিছিল শ্বাহৰুখ খানক! কি উত্তৰ দিছিল কিং খানে! সুঁৱৰিলে পৰিচালক সঞ্জয় গুপ্তাই
    ডিজিটেল ডেস্কঃ নব্বৈৰ দশকত মুম্বাইত মাফিয়াৰ উৎপাত বাঢ়ি আহিছিল। ১৯৯৭ চনত গুলচন কুমাৰক ব্যস্ত ৰাস্তাত গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা মায়ানগৰী ভীতিগ্ৰস্ত হৈ পৰিছিল। শুনা গৈছিল যে আণ্ডাৰৱৰ্লডৰ হিটলিষ্টত কেইবাগৰাকীও তাৰকা আছে। লগতে শুনা গ’ল যে কুখ্যাত গেংষ্টাৰ আবু চেলেমে শ্বাহৰুখ খানক হত্যা কৰিবলৈ চোকা গুলীচালনাকাৰীক ‘ছুপাৰী’ দিছিল! কাৰণটো? অভিনেতাজনে আবুৰ ঘনিষ্ঠ প্ৰযোজকৰ সৈতে কাম কৰিবলৈ সন্মত হোৱা নাছিল।

    লগে লগে মুম্বাই আৰক্ষীয়ে ‘বলিউডৰ বাদশ্বাহৰ’ৰ বাবে দেহৰক্ষী নিয়োগ কৰে। কিন্তু সেই সময়ত অভিনেতাজনে ভয়ত মূৰপোলোকা মৰা নাছিল। এইবাৰ পৰিচালক সঞ্জয় গুপ্তাই ‘জোৱান’ দেখাৰ পিছত স্মৰণ কৰিলে।

    ‘শ্বুটআউট এট লোকাণ্ডৱালা’, ‘কাবিল’, ‘মুছাফিৰ’ আদি ছবিৰ পৰিচালক সঞ্জয় গুপ্তাই সদায় নিজৰ ছবিত মুম্বাইৰ মাফিয়া আৰু অন্ধকাৰ জগতখনক চিত্ৰিত কৰি আহিছে। ‘জোৱান’ দেখাৰ পিছত শ্বাহৰুখক লৈ আপ্লুত হৈ পৰে পৰিচালকগৰাকী।

    তেওঁ নিজৰ টুইটাৰ একাউণ্টত লিখিছে, ''মই ‘জৱান’ চাবলৈ আহিছিলো। আৰু ভাবিলোঁ এই কথা শ্বেয়াৰ কৰিব লাগে। ৯০ৰ দশকত যেতিয়া চিনেমাৰ তাৰকাসকলক মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডে হাৰাশাস্তি কৰিছিল আৰু চৰম সীমাত উপনীত হৈছিল, তেতিয়া কেৱল শ্বাহৰুখ খানেহে হাৰ নামানিছিল। তেতিয়া তেওঁ কৈছিল- ‘গুলি মাৰিব বিচাৰে নেকি? কৰক! কিন্তু মই তোমাৰ বাবে কাম নকৰো। মই পাঠান। আজিও তেওঁ একেই আছে।''
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388