ডিজিটেল ডেস্ক: বিগত কেই বছৰমান পূৰ্বে কৰ'না মহামাৰীয়ে সমগ্ৰ বিশ্বতে সন্ত্রাস চলোৱাৰ পাছত এইবাৰ আকৌ আন এটা খবৰে বিশ্ববাসীক আতংকিত কৰি তুলিছে। চীনৰ গৱেষকসকলে এটা নতুন প্ৰজাতিৰ কৰ'না ভাইৰাছ শেহতীয়াকৈ ধৰা পেলাইছে। এইচ কে ইউ৫- ক'ভ-২ নামৰ এই নতুন প্ৰজাতিৰ কৰ'না ভাইৰাছটো সহজতে মানুহলৈ সংক্রমিত হ'ব বুলি চীনৰ গৱেষকসকলে দাবী কৰিছে।
চীনৰ অগ্রণী ভাইৰ'লজিষ্ট শ্বী ঝেংলীয়ে সম্পাদন কৰা গৱেষণাৰ অধ্যয়নত এই নতুন ভাইৰাছবিধৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু চেল ছাইন্টিফিক জার্নেলত এই তথ্য প্ৰকাশিত হৈছে। 'বেটৱমেন' হিচাপে খ্যাত এই মহিলা গৱেষকগৰাকীয়ে গুৱাংঝ' পৰীক্ষাগাৰত 'বেট কৰ'না ভাইৰাছ'ৰ বিষয়ত চলোৱা ব্যাপক গৱেষণাৰ অন্তত এই তথ্য ধৰা পৰিছে।
এই নতুন ভাইৰাছ এইচ কে ইউ৫-ক'ভ-২টো চীনৰ বাদুলীসমূহত আৱিষ্কাৰ কৰা হৈছে। এই ভাইৰাছটো মানৱ শৰীৰলৈ সংক্রমণ হোৱাৰ অধিক সম্ভাৱনা থকা সত্বেও গৱেষকসকলে কৈছে যে জন্তুৰ পৰা মানৱ শৰীৰলৈ সংক্রমণ হোৱাৰ ক্ষেত্ৰত নতুন ভাইৰাছটোৰ বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment